newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ১৫ মে’ত ফলাফল ঘোষণা কৰাৰ পিছতে কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয় কৰ্ণাটকত৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷
নিৰ্বাচনৰ ভোচ গণনা চলি থকাৰ মাজতে কংগ্ৰেছে বিনাচৰ্তত জেডিএছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ কংগ্ৰেছৰ সমৰ্থন গ্ৰহণ কৰি ১১ সংখ্যাক দেশৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ জেডিএছৰ নেতা কুমাৰস্বামী মুখ্যমন্ত্ৰীৰ পদৰ প্ৰবল দাবীদাৰ হৈছিল৷ কেৱল দাবীদাৰে নহয় মজবুত স্থিতিত আছিল জেডিএছ দল আৰু সহযোগী দল কংগ্ৰেছ৷