newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভাৰ ১২ মে’ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ১৫ মে’ত ফলাফল ঘোষণা কৰাৰ পিছতে কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয় কৰ্ণাটকত৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷ ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷

নিৰ্বাচনৰ ভোচ গণনা চলি থকাৰ মাজতে কংগ্ৰেছে বিনাচৰ্তত জেডিএছ দলক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ কংগ্ৰেছৰ সমৰ্থন গ্ৰহণ কৰি ১১ সংখ্যাক দেশৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ পুত্ৰ জেডিএছৰ নেতা কুমাৰস্বামী মুখ্যমন্ত্ৰীৰ পদৰ প্ৰবল দাবীদাৰ হৈছিল৷ কেৱল দাবীদাৰে নহয় মজবুত স্থিতিত আছিল জেডিএছ দল আৰু সহযোগী দল কংগ্ৰেছ৷ 

বৃহৎ দল হোৱাৰ পিছতো সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিৰ হাতত কম আছিল ৮ বিধায়ক৷ ফলত কংগ্ৰেছ আৰু জেডিএছে সহজেই চৰকাৰ গঠন কৰিব পাৰিব বুলি আশংকাৰ কৰাৰ মাজতে কৰ্ণাটকৰ ৰাজ্যপাল ভেজুভাই বালাই বিজেপিৰ বিধায়িনী দলৰ নেতা বিএছ য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে আৰু এদিন পিছত মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ্য কৰোৱায়৷ 

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই ১৮ মে’ৰ পুৱাই ৯ বাজি ৩০ মিনিটত বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ ইমানে নহয় সংখ্যাৰ দিশত বৃহৎ দল বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১০ দিনৰ সময় প্ৰদান কৰে ৰাজ্যপালে৷ 

১০ দিনৰ ভিতৰত আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব ১০৪ খন আসন থকা বিজেপি দলে৷ মিত্ৰজোঁট গঢ়ি ১১৬ আসনেৰে হুংকাৰ দি জেডিএছৰ মুৰব্বী কুমাৰস্বামী আৰু কংগ্ৰেছে আদালতৰ ওচৰ চাপিছিল৷ বিজেপিৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে তেওঁলোকৰ বিধায়কক ৩ কোটি, ৫ কোটি, ১০০ কোটি পৰ্যন্ত দৰ দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল৷

আদালতত কাষ চপাৰ পিছত বুধবাৰে গোটেই নিশা আদালতত শুনানি অনুষ্ঠিত হোৱাৰ অন্তত শুকুৰবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছিল আদালতে। বি এছ য়েদুয়াৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে কংগ্ৰেছ আৰু জেডিএছৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ একে চিকৰী, এছকে বাবদে আৰু অশোক ভূষণৰ বেঞ্চে আস্থা ভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল সেয়াও ২৪ ঘণ্টাৰ ভিতৰত৷

মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই শুকুৰবাৰে পুৱাই তেওঁৰ সৈতে সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিব পৰাকৈ বিধায়ক আছে নে নাই সেয়া প্ৰতিপন্ন কৰিব লাগিছিল উচ্চতম ন্যায়ালয়ত৷ কিন্তু তেওঁ প্ৰতিপন্ন কৰিব নোৱাৰিলে৷ কৰ্ণাটকৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অৱশেষত আদালতে আস্থা ভোট অনুষ্ঠিত কৰি সংখ্যাগৰিষ্ঠতা দেখুৱাৰ নিৰ্দেশ দিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক৷ 

তাৰ পিছতে শনিবাৰে আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰে বিজেপিৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি পদত্যাগ কৰে তেওঁ৷ কম সময়ৰ ভিতৰতে পট পৰিৱৰ্তন হয় কৰ্ণাটক বিধানসভাৰ ভিতৰচৰাত৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়ুৰাপ্পাই আস্থাভোটৰ পূৰ্বে দিয়া ভাষণৰ পিছতে বিধানসভাৰ পৰা ওলাই আহে৷ 

এতিয়া কংগ্ৰেছ আৰু জেডিএছৰ চৰকাৰ গঠন কৰাৰ বাবে বাট প্ৰশস্ত হয়৷ শনিবাৰে য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে ৰাজ্যপাল ভেজুভাই বালাই কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাই৷ শনিবাৰে ৭ বাজি ৩০ মিনিটত ৰাজ্যপালক সাক্ষাৎ কৰে কুমাৰস্বামীয়ে৷ বুধবাৰে দিনৰ ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত মুখ্যমন্ত্ৰী হিচাপে শপত লব কুমাৰস্বামীয়ে৷ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ কাক কাক অতিথি হিচাপে আমন্ত্ৰণ জনাব সেয়া ৰাজহুৱা কৰে কুমাৰস্বামীয়ে৷ 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, বিএছপিৰ নেত্ৰী মায়াৱতী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনীয়া গান্ধীৰ উপস্থিতিত কান্তভাৰা ষ্টেডিয়ামত শপত বাক্য পাঠ কৰিব কৰিব কুমাৰস্বামীয়ে৷ কৰ্ণাটকক শপত গ্ৰহণ অনুষ্ঠান নহয় বিজেপি বিৰোধী দলক একত্ৰিত কৰিবৰ বাবেহে মঞ্চ সাজু কৰাৰ দৰে হৈছে৷ শপত গ্ৰহণ অনুষ্ঠানত ৩-৪ লাখ লোক উপস্থিত থাকিব৷ ৰাজ্যপালে আমাক ১৫ দিনৰ সময় দিছে তাৰ পূৰ্বেই আমি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিম বুলি কয় কুমাৰস্বামীয়ে৷