newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত মিত্ৰজোটৰ চৰকাৰ গঠনৰ পিছত মন্ত্ৰীসভা গঠনত বিভাগ প্ৰদানৰ ক্ষেত্ৰত জেডিএঠ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়কসকলৰ মাজত হোৱা আলোচনাত কোনো ধৰণৰ ফল লাভ কৰা নগ’ল৷ দুয়োটা দলৰ বিধায়কসকলে আশা কৰিছে যে দুই এদিনৰ ভিতৰত এই সমস্যাৰ সমাধান হ’ব৷

কংগ্ৰেছ নেতা গুলাম নবী আজাদক অৱাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত জেডিএছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী কুমাৰস্বামী, দানিশ আলী আৰু এছডি ৰাৱান্না তথা কংগ্ৰেছৰ তৰফৰ পৰা গুলাম নবী আজাদ, অহমদ পেটেল, ডীকে শিৱকুমাৰ, মল্লিকাৰ্জুন খাগড়ে, সিদ্ধাৰামাইয়া, কেশী বেনুগোপাল আৰু জী পৰমেশ্বৰে অংশ লয়৷ 

বৈঠকৰ পিছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বেনুগোপালে কয়, ‘আমি মুখ্যমন্ত্ৰী এছডি কুমাৰস্বামী আৰু মিত্ৰজোঁটক সহযোগী অন্য নেতা সকলৰ সৈতে বাৰ্তালাপ কৰিছো৷ আমি দুই এদিনৰ ভিতৰত বিভাগসমূহ প্ৰদানৰ সমস্যাটোৰ সমাধান কৰিবলৈ সক্ষম হম৷ আজি সন্ধিয়া আমি পুনৰ এখন বৈঠকত মিলিত হ’ম আৰু পুনৰ এই বিষয়ে আলোচনা কৰিম৷’

আনহাতে কুমাৰস্বামীয়েও দুই এদিনৰ ভিতৰতে মন্ত্ৰীসভা গঠনৰ সমস্যাটো সমাধান হ’ব বুলি আশ্বাস প্ৰদান কৰিছে৷ উল্লেখ যে জেডিএছ আৰু কংগ্ৰেছে মিত্ৰজোটৰ চৰকাৰ গঠনৰ পৰাই ৰাজ্যখনৰ নতুন মন্ত্ৰীসভাত কাক কাক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব, সেই বিষয়ে মত-ভিন্নমত চলি আহিছে৷ আনহাতে কুমাৰস্বামীয়েও মন্ত্ৰীসভা গঠনৰ ক্ষেতৰত কংগ্ৰেছৰ সৈতে কিছু বিষয়ত আলোচনা কৰিব লাগিব বুলি ইতিমধ্যে স্বীকাৰ কৰিছে৷

জানিব পৰা মতে, দুয়োটা দলে বিত্ত আৰু গৃহৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ বাহিৰে লোক নিৰ্মাণ বিভাগ, বিদ্যুৎ, খনন, পানী সংশোধন, গ্ৰাম্য আৰু নগৰ উন্নয়ন বিভাগ কেইটা নিজৰ আয়ত্বলৈ আনিব বিচাৰি আছে৷ জানিব পৰা মতে, মিত্ৰজোটৰ মন্ত্ৰীসভাত কংগ্ৰেছৰ পৰা ২১ জন আৰু জনতা দল চেকুলাৰৰ পৰা ১১ গৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব৷

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে সোমবাৰে দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাত কৰে৷ কুমাৰস্বামীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাত কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহোযোগিতা বিচাৰে৷

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে সাংবাদিকৰ আগত কয়, ‘মই ৰাজ্যখনৰ বৰ্তমানৰ সমস্যাসমূহ উত্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছো৷ বিশেষ কৈ ৰায়চুৰ, যৰামাৰাশ আৰু বেল্লাৰীৰ তিনিটা তাপ বিদ্যুৎ কেন্দ্ৰ কয়লাৰ অভাৱৰ বিষয়টো প্রধানমন্ত্ৰীৰ সন্মুখত উত্থাপন কৰিছো৷ ৰাজ্যখনত বিদ্যুৎ গৃহসমূহত পৰ্যাপ্ত কয়লা যোগানৰ বাবে আবেদন কৰা হৈছে৷’