newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত মিত্ৰজোটৰ চৰকাৰ গঠনৰ পিছত মন্ত্ৰীসভা গঠনত বিভাগ প্ৰদানৰ ক্ষেত্ৰত জেডিএঠ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়কসকলৰ মাজত হোৱা আলোচনাত কোনো ধৰণৰ ফল লাভ কৰা নগ’ল৷ দুয়োটা দলৰ বিধায়কসকলে আশা কৰিছে যে দুই এদিনৰ ভিতৰত এই সমস্যাৰ সমাধান হ’ব৷
কংগ্ৰেছ নেতা গুলাম নবী আজাদক অৱাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত জেডিএছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী কুমাৰস্বামী, দানিশ আলী আৰু এছডি ৰাৱান্না তথা কংগ্ৰেছৰ তৰফৰ পৰা গুলাম নবী আজাদ, অহমদ পেটেল, ডীকে শিৱকুমাৰ, মল্লিকাৰ্জুন খাগড়ে, সিদ্ধাৰামাইয়া, কেশী বেনুগোপাল আৰু জী পৰমেশ্বৰে অংশ লয়৷