গুৱাহাটীঃ যোৱা ১৬ জানুৱাৰীৰপৰা অহা ৪ মাৰ্চলৈ প্ৰয়াগৰাজৰ আৰম্ভ হোৱা কুম্ভ মেলাত প্ৰদৰ্শন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আঠ ৰাজ্যৰ সাংস্কৃতিক উৎসৱ-পাৰ্বনৰ ৰেঙনি।

কুম্ভ মেলাৰ ৭ নং ছেক্টৰৰ দুই একৰৰ ভূমিত সংস্কাৰ ভাৰতী পূৰ্বোত্তৰৰদ্বাৰা আয়োজন কৰা এই উৎসৱত উত্তৰ পূর্ব্বাঞ্চলৰ লোক সংস্কৃতি, পৰম্পৰাগত গীত-মাত, নৃত্য, নাট, সাজপাৰ আৰু খাদ্যদ্ৰব্যৰ প্ৰদর্শনীৰ আয়োজন কৰা হয়। 

নিতৌ উত্তৰ পূর্ব্বাঞ্চলৰ আঠোখন ৰাজ্যৰ শিল্পীসকলে নৃত্য-গীত পৰিৱেশন কৰি দৰ্শক ৰাইজক আকৰ্ষণ। দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰিছেহি সাংস্কৃতিক প্ৰকল্পটোত। 'অপনা পূৰ্বোত্তৰ’ নামেৰে আয়োজন কৰা এই প্ৰকল্পটোৰ পৰিকল্পনা আৰু সমন্বয় দয়াল কৃষ্ণ নাথৰ।

উত্তৰ পুৰ্বাঞ্চলৰ সাংস্কৃতিক ৰূপৰেখা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টােৰ এই সমন্বয়ৰ সমাবেশৰ পৰিকল্পনা কৰা হৈছে। কুম্ভ মেলাৰ সংগম ক্ষেত্ৰ আৰু বিভিন্নজন সাধুৰ অস্থায়ী আশ্ৰমত শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। 

ত্ৰিপুৰাৰ ৰাজ্যপাল কাপ্টান সিং চোলংকি, অসমৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, পদ্মশ্ৰী বঁটা পাপক বাবা যোগেন্দ্ৰ জী, সাহিত্য অকাডেমী বঁটা পাপক যেছে দৰ্জে ঠংচি, পদ্মশ্ৰী বঁটা পাপক গায়িকা মালিনী অগস্থী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীকে ধৰি দেশৰ বহু কেইজন গন্য-মান্য ব্যক্তিয়ে এই সমাৰোহত বিভিন্ন দিনত উপস্থিত থাকে। উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পাঁচ হাজাৰতকৈও অধিক শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।