ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে বিশ্ব কঁপাই তোলা আল কায়দাৰ প্ৰাক্তন মুৰব্বী ওছামা বিন লাডেনৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে সাজু হৈছে সন্ত্ৰাসবাদীজনৰ পুত্ৰ। মাৰ্কিন চোৰাংচোৱা সংন্থাই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্যত এই কথা পোহৰলৈ আহিছে। 

ফেডাৰেল ইনভেষ্টিগেশ্যন বিউৰ’ৰ প্ৰাক্তন এজেণ্ট আলি চোফানে প্ৰকাশ কৰিছে যে লাডেনৰ পুত্ৰ হামজাই অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ২০০১ চনৰ ১১ এপ্ৰিলত বিশ্ব বাণিজ্য কেন্দ্ৰত আক্ৰমণৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা আলি চোফান নামৰ প্ৰাক্তন এজেণ্টজনৰ ভাষ্যমতে লাডেনৰ পুত্ৰত নেতৃত্বত অধিক শক্তিশালী হৈ উঠিব পাৰে আল কায়দা। 

বিন লাডেনলৈ পুত্ৰই প্ৰেৰণ কৰা পত্ৰবোৰত এই কথা স্পষ্ট হৈ উঠিছে যে প্ৰতিশোধৰ বাবে আল কায়দাক কঢ়া নেতৃত্ব দিব হামজাই। নিজকে তীখাৰ দৰে গঢ় দিয়াৰ পণ লোৱা হামজাই ২২ বছৰ বয়সত ওছামালৈ লিখা চিঠিয়ে চিন্তাত পেলাইছে এতিয়া বিশ্ববাসীক।