লখিমপুৰঃ চ'ত মাহ সোমোৱাৰ লগে লগে ৰাজ্যত উখল-মাখল পৰিৱেশ৷ পলাখ, মদাৰ, শিমলুৱে যেন ৰাজ্যবাসীৰ মাজলৈ কঢ়িয়াই আনিলে হেপাহৰ ৰঙালী বিহুটি। 

চৌদিশে এতিয়া ঢোলৰ গুম-গুমনি। পেঁপা মাতত নাচনী কঁকাল ভঙা নাচ। সকলো ব্যস্ত কেৱল বিহু আখৰাত৷ কাৰণ বহাগলৈ আৰু মাত্ৰ এটা মাহ বাকী। 

ব্যতিক্ৰম নহয় লখিমপুৰতো। লখিমপুৰ ত্যাগ ক্ষেত্রত যোৱা ১৮ মাৰ্চ তাৰিখৰপৰা সদৌ অসম কৈৱত্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লখিমপুৰ জিলা সমিতিৰ সহযোগত ১১ দিনীয়া প্ৰশিক্ষণ শিবিৰ বৃহস্পতিবাৰে অৰ্থাৎ ২৮ তাৰিখে সফল সামৰণি পৰে। 

উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লতাশিল বিহু ৰাণী শ্ৰীমতী উমিৰ্মালা দুৱাৰ লগতে সন্ধ্যাৰাণী ফুকন বৰা আৰু শ্ৰীমতী দীপা দাস হাজৰিকা আৰু বহু জাতীয়তাবাদী সংগঠনে সহযোগ কৰে।