75
লখিমপুৰঃ সমুখত হাজাৰ হাজাৰ লোক৷ মঞ্চত ৰকিবুল হুছেইনৰ ভাষণ। পিচে মোবাইলতহে ভিডিঅ’ কলিং যোগে৷ লখিমপুৰ লোকসভা সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে হেলিকপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ কথা আছিল৷
সেই অনুসৰি লখিমপুৰৰ নাওবৈচাৰ যুৱনগৰ খেলপথাৰত পুৱাৰ ১১ বজাৰপৰাই সমৱেত হ’ল সহস্ৰাধিক লোক৷ পিচে বিয়লি ৪ বজালৈকে নাহিল ৰকিবুল হুছেইন৷ কাৰণ বতৰে দিলে বিধি পথালি৷ বেয়া বতৰৰ বাবে হেনো নগাঁৱৰপৰা নুৰিল ৰকিবুলৰ হেলিকপ্টাৰ৷ কি কৰা যায়!