লখিমপুৰঃ সমুখত হাজাৰ হাজাৰ লোক৷ মঞ্চত ৰকিবুল হুছেইনৰ ভাষণ। পিচে মোবাইলতহে ভিডিঅ’ কলিং যোগে৷ লখিমপুৰ লোকসভা সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে হেলিকপ্টাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ কথা আছিল৷

সেই অনুসৰি লখিমপুৰৰ নাওবৈচাৰ যুৱনগৰ খেলপথাৰত পুৱাৰ ১১ বজাৰপৰাই সমৱেত হ’ল সহস্ৰাধিক লোক৷ পিচে বিয়লি ৪ বজালৈকে নাহিল ৰকিবুল হুছেইন৷ কাৰণ বতৰে দিলে বিধি পথালি৷ বেয়া বতৰৰ বাবে হেনো নগাঁৱৰপৰা নুৰিল ৰকিবুলৰ হেলিকপ্টাৰ৷ কি কৰা যায়! 

হাজাৰ-হাজাৰ লোকক লৈ বিবুধিত উদ্যোক্তা৷ কাৰণ ৰকিবুলৰ ভাষণ শুনিবলৈ অহা লোকক বুজনি দিয়ে কেনেকৈ? অৱশেষত উপায় এটা ওলাল৷ ৰকিবুললৈ ভিডিঅ’ কল লগালে কংগ্ৰেছ নেতা জয়প্ৰকাশ দাসে আৰু ভিডিঅ’ কলতে উপস্থিত ৰাইজক উদ্দেশ্যি ৰকিবুলৰ ভাষণ৷ ৰকিৰ ভাষণ শুনি ৰাইজেও দিলে হাত-চাপৰি৷ ভাষণৰ শেষত সকলো ঘৰা-ঘৰি হ’ল৷