newsnextone.com | কোকৰাঝাৰঃ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শনিবাৰে কোকৰাঝাৰৰ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভূমিন দৰিদ্ৰ লোকক মাটিৰ পট্টা বিতৰণ কৰে ৰাজ্য চৰকাৰে৷ দীৰ্ঘ দিন ধৰি একঠা ভূমিৰ বাবে হাহাকাৰ কৰি থকা বহু পৰিয়ালৰ মুখত হাঁহি দেখা যায়৷ 

কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বন সংমণ্ডলৰ অধীনৰ জৰ্দানপুৰ এলেকাৰ ৯৭৫ বিঘাৰো অধিক মাটিৰ ভূমিৰ প্ৰমাণপত্ৰ শনিবাৰে আনুষ্ঠানিকভাৱে হিতাধীকাৰীৰ মাজত বিতৰণ কৰে প্ৰাক্তন বনমন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। বন অধিকাৰ আইন ২০০৬ অনুসৰি দীৰ্ঘদিনৰ পৰাই বনাঞ্চলত বসবাস কৰি থকা ১৫২ গৰাকী হিতাধিকাৰীয়ে আনুষ্ঠানিকভাৱে মাটিৰ অধিকাৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে।

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘সংশ্লিষ্ট জনজাতীয় উন্নয়ন প্ৰকল্প’ৰ প্ৰকল্প সঞ্চালকৰ উদ্যোগত অনুষ্ঠিত হোৱা মাটিৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্মই হল্টুগাও বন সংমণ্ডলৰ অন্তৰ্গত তিনিনং জৰ্দানপুৰ গাঁৱৰ ৩২ গৰাকী, জৰ্দানপুৰ গাঁৱৰ ৫৪ গৰাকী আৰু পূৱ জৰ্দানপুৰ গাঁৱৰ ৬৬ গৰাকী অৰ্থাৎ মুঠ ১৫২ গৰাকী হিতাধিকাৰীলৈ ৯৭৫ বিঘা, ২ কটা আৰু ১৪ লেচাৰ ভূমি অধিকাৰৰ প্ৰমান পত্ৰ প্ৰদান আনুষ্ঠানিকভাৱে বিতৰণ কৰে প্ৰাক্তন বন মন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। 

ইয়াৰোপৰি মঠ-মন্দিৰ তথা সমূহীয়া প্ৰেক্ষাগৃহত নিৰ্মাণৰ নামতো জৰ্দানপুৰ এলেকাত ৮০ বিঘাৰো অধিক ভূমি আৱণ্টন কৰে মন্ত্ৰী ব্ৰহ্মই। ইপিনে আনুষ্ঠানিকভাৱে মাটিৰ অধিকাৰ লাভ কৰি বনাঞ্চল এলেকাত বসৱাস কৰা নাগৰিকসকলৰ মাজত আনন্দৰ বন্যা বৈছে।