কলম্বোঃ গোটেই দেশতে চলিছে ৰাজনৈতিক সংকট৷ ইয়াৰ মাজতে এটা ডাঙৰ ঘোষণা কৰিলে শ্রীলংকাৰ নতুন প্রধানমন্ত্রী মাহিন্দা ৰাজাপাকছেই। একেবাৰতে ১০ টকা কমি গ’ল পেট্র’লৰ দাম। যোৱা শুকুৰবাৰে ৰাষ্ট্ৰপতি মৈত্রীপালা ছিৰিসেনাই প্রধানমন্ত্রী ৰণিল বিক্রেমেসিংঘেক অপসাৰণ কৰি ৰাজাপাকছেক দেশেৰ প্রধানমন্ত্রীৰ পদত অধিস্থিত কৰিছিল।

ৰাজাপাকছে দেশখনৰ বিত্তমন্ত্রীও। পদত অধিস্থিত হোৱাৰ পাছতেই দেশখনৰ উন্নয়নৰ বাবে এলানি আর্থনৈতিক সংস্কাৰৰ কথা ঘোষণা কৰে নৱনিযুক্ত প্রধানমন্ত্রীজনে। আৰু এই সংস্কাৰৰ প্রথম পদক্ষেপ হিচাপে হ্ৰাস কৰা হ’ল পেট্র’ল আৰু ডিজেলৰ দাম।

পেট্র’ল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ক্রমে ১০ আৰু সাত টকাকৈ কমোৱা হয়। শ্রীলংকৰ বর্তমানৰ অর্থনৈতিক অৱস্থাৰ বাবে পূর্বৰ চৰকাৰকেই দায়ী কৰিছে ৰাজাপাকছেই। অৱশ্যে তেওঁৰ নিযুক্তিৰ আইনী বৈধতাক লৈ প্রশ্ন উঠিছে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহলত। বিক্রেমেসিংঘেও তেওঁৰ অপসাৰণৰ নির্দেশক প্ৰত্যাহ্বান জনাই কৈছে যে সুযোগ দিলে তেওঁ পার্লামেন্টত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ সাজু।