কোভিডৰ তৃতীয় ঢৌৰ ভয়ংকৰ ৰূপ

গুৱাহাটী,১২ জানুৱাৰীঃকোভিডৰ ভয়াৱহ দিনবোৰ যেন পুনৰ উভতি আহিছে৷সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অভিলেখসংখ্যক আক্ৰান্ত হৈছে৷

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগীয়া হৈছে ভাৰতৰ কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন লতা মংগেশকাৰ।

যোৱা মঙ্গলবাৰে তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শিল্পীগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁক হাস্পতালৰ আই চি ইউ কক্ষত চিকিৎসা চলাই থকা হৈছে।৯২ বছৰীয়া শিল্পীগৰাকী কোভিডি-১৯ৰ পিছত নিউমোনিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে। তাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাঃ প্ৰতীত সম্দানী আৰু আন চিকিৎসক দলৰ তত্বাৱধানত লতা মংগেশকাৰৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনৰ ১১ নৱেম্বৰতো জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

সকলোৱে প্ৰিয় শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ৷