১৯২৯ চনৰ ২৮ চেপ্টেম্বৰত জন্ম গ্ৰহণ কৰিছিল
বিশ্বৰ সৰ্বাধিক গীত গোৱাৰ অভিলেখ
অজস্ৰ বঁটা বিজয়ী

গুৱাহাটী,৬ ফেব্ৰুৱাৰীঃ কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই৷
দীৰ্ঘদিন কোভিডত আক্ৰান্ত হৈ থকাৰ অন্তত আজি মুম্বাইৰ ব্ৰীছ কেন্দি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে সুৰ সম্ৰাজ্ঞী গৰাকীয়ে৷
মুম্বাইৰ ব্ৰিছকেন্দি চিকিৎসালয়ৰ পৰা এই কথা নিশ্চিত কৰি জনোৱা হয় যে একাধিক অংগ বিকল হোৱাৰ ফলত আজি পুৱা শিল্পী গৰাকীৰ দেহাৱসান হয়৷
পঞ্চাশ হাজাৰতকৈও অধিক গীত গাই বিশ্ব অভিলেখ গঢ়া শিল্পী গৰাকীক মুম্বাইৰ শিৱাজী উদ্যানত সমাধিস্থ কৰা হব৷