লিডুঃ বৃহস্পতিবাৰে লিডু ৰে’লৱে ৰংগমঞ্চত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ২ ঘন্টীয়া এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে৷ মাৰ্ঘেৰিটা মহকুমাৰ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ শীঘ্ৰেই মেৰামতি কৰাৰ লগতে উদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰ ( ITI ) কলেজখন মুকলি কৰি দিয়াৰ দাবীত সংগঠনটোৱে এই কাৰ্যসূচীৰ ৰূপায়ন কৰে৷
সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা কৰ্মীয়ে পুৱা প্ৰায় ১০ বজাত লিডু ৰে’লৱে ৰংগমঞ্চত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’-গানৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি লিডু আঞ্চলিক সমিতিৰ উদ্যোগত অনুস্থিত হোৱা এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক পাপু দত্তই৷
উল্লেখ্য যে, পূৰ্বেও বিভিন্ন অ-ৰাজনৈতিক সংগঠনসমূহৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহুবাৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ লিডু আই টি আই কলেজখন মুকলি তথা উন্মোচনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল যদিও বিভাগীয় কৰ্ত্তৃপক্ষই ৰহস্যজনকভাৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰাৰ পৰিলক্ষিত নহ’ল৷ যাৰ পৰিপেক্ষিত বৃহস্পতিবাৰে পুনৰ সংগঠনটোৱে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷
ইফালে, মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় হোৱাৰ সত্বেও স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই গা-এৰা মনোভাৱ পোষণ কৰি অহাৰ কাৰ্য্যক সংগঠনটোৱে কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰেই মাৰ্ঘেৰিটা সমষ্টিৰ অন্যতম জলন্ত সমস্যাৰূপে চিহ্নিত বিধ্বস্ত বাট-পথ সমূহ মেৰামতি কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহবান জনায়৷
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা পাপু দত্তই ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে সমষ্টিটোৰ সমস্যাসমূহ পৰ্যবেক্ষণ নকৰাৰ বাবে আজি মাৰ্ঘেৰিটাবাসী ৰাইজে এনেদৰে জীয়াতু ভোগিবলগীয়া হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ লগতে সাংসদ গৰাকীৰ অকৰ্মণ্যতাৰ প্ৰত্যুত্তৰ অতি শীঘ্ৰেই সমষ্টিবাসী ৰাইজে আগন্তক নিৰ্বাচনত প্ৰদান কৰিব বুলিও এক বিবৃতি যোগে জানিবলৈ দিয়ে৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(লিডু আঞ্চলিক সমিতি)ৰ উপ-সভাপতি জিন্তু গগৈৰ লগতে সম্পাদক চেবিৰ হুচেইন।