লিডুঃ জন্মিলে মৃত্যু নিশ্চিত যদিও কেতিয়াবা কাৰোবাৰ আকস্মিক মৃত্যুৱে আত্মীয়ৰ অন্তৰত যথেষ্ট আঘাত দিয়ে৷ তাতে বজাৰলৈ বুলি উলাই আহি যদি হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আকোৱালি ল’ব লগা হয়! যোৱা বুধবাৰে তেনে এক কৰুণ ঘটনা সংঘটিত হ’ল মাৰ্ঘেৰিটা মহকুমাৰ লিডু ইটাখুলা অঞ্চলত৷ 

বজাৰলৈ বুলি আহি কৰুণ মৃত্যুক আকোৱালি ল’লে এজন ৭৫ বছৰীয়া ব্যক্তিয়ে৷ ঘটনাৰ বিৱৰণি মতে দিনৰ প্ৰায় ১.৫০ মান বজাত লিডু ইটাখুলা অঞ্চলত কালি সাপ্তাহিক বুধবৰীয়া বজাৰ চলি থকাৰ সময়তেই এডাল প্ৰচণ্ড জৰি গছৰ বৃহৎ ডাল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত কেইবাখনো যানবাহনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু কেইজন লোক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ 

তাৰ ভিতৰত এজন অন্যতম আছিল প্ৰয়াত ভদ্ৰ বৰঠাকুৰ নামৰ ৭৫ বছৰীয়া ব্যক্তিজন৷  গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত বৰঠাকুৰক ততালিকৈ মাৰ্ঘেৰিটাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয় যদিও অৱস্থা অধিক অৱনতি ঘটাত ডাক্তৰে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে৷ যদিও পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ নিয়াৰ পথতে ব্যক্তিজনে ম়ত্যুক আকোৱালি লয়৷ 

বৰঠাকুৰৰ এনে আকস্মিক মৃত্যুত এতিয়া অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷  বিভিন্ন সময়ত লিডুৰ নানান সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা ভদ্ৰ বৰঠাকুৰৰ মৃত্যু লিডু সমাজ জীৱনৰ বাবে এক অপূৰনীয় ক্ষতি বুলি ৰাইজে জানিবলৈ দিয়ে৷ মৃত্যুৰ সময়তে তেখেতে পত্নীৰ সহ তিনিগৰাকী কন্যা, দুজন পুত্ৰ সন্তানৰ লগতে বহু আত্মীয়ক ইহ:সংহাৰত এৰি থৈ যায়৷