newsnextone.comডিজিটেল ডেস্কঃ শনিবাৰে আগন্তুক বিধানসভা নিৰ্বাচনীৰ সঠিক তাৰিখৰ ঘোষণানাৰ্থে নিৰ্বাচনী আয়োগে সংবাদ মেল অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷ আৰম্ভণিতে সংবাদ বৈঠকখনক ১২.৩০ বজাত আয়োজন কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ আবেলিৰ ৩.০০ বজালৈ বৈঠকখন পিছুৱাই দিয়া হয়৷

বৈঠকৰ সময় সলনি কৰি দিয়াৰ বাবে নিৰ্বাচনী আয়োগে কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই বুলি জানিব পৰা গৈছে৷ কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছৰ মুখ্য প্ৰৱক্তা ৰণদীপ সুৰেজবালাই টুইটৰ দ্বাৰা এই বিষয়ত মত প্ৰকাশ কৰে৷ নিৰ্বাচনী আয়োগৰ উদ্দেশ্যে লক্ষ্য কৰি স্বাধীনতাৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ প্ৰৱক্তাগৰাকীয়ে৷

‘‘নিৰ্বাচনী আয়োগ মুঠ ৫ খন ৰাজ্যত হ’বলৈ গৈ আছে, বিধানসভা নিৰ্বাচনীৰ সঠিক সময় ১২.৩০ বজাত বুলি কৈ পুনৰ ইয়াক স্থগিত কৰি ৩.০০ বজালৈ পিছুৱাই দিয়া হয়৷ এয়া নিৰ্বাচনী আয়োগৰ স্বাধীনতা?’-বুলি সুৰেজৱালাই টুইটত প্ৰকাশ কৰি কয়৷

আজি দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থান আজমেৰত ৰেলীত আগভাগ লোৱাৰ বিষয়ে সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে৷ উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনীৰ পূৰ্বে মোদীৰ এই ৰেলীক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মানি লোৱা হৈছে৷