ডিজিটেল ডেস্কঃ ইতিহাস গঢ়ি আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ’ল ভাৰতীয় মূলৰ লিঅ’ ভৰদাকৰ। জাতি, ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ উৰ্ধত কেৱল দক্ষতাৰ ভিত্তিত শান্তিপ্ৰিয় দেশখনৰ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে আকোৱালি ল’বলৈ সাজু হৈছে লিঅ’ক।

মাত্ৰ ৩৮ বৰ্ষীয় লিঅ’ এতিয়া পৰিগণিত হৈছে দেশখনৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে। এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ ভৰাদ গাঁৱত থকা তেওঁৰ পৰিয়ালৰ আন সদস্যসকল।

উল্লেখ্য যে লিঅ’ হৈছে সম্বন্ধত প্ৰখ্যাত ওডিশি নৃত্যশিল্পী সুভদা ভৰদাকৰৰ ভতিজাক। ১৯৬০ চনত দেশ এৰি আয়াৰলেণ্ডলৈ স্থায়ীভাৱে গুচি গৈছিল লিঅ’ৰ পিতৃ অশোক ভৰদাকৰ। তাতে তেওঁ মিৰিয়াম নামৰ এগৰাকী আইৰিছ নাৰ্ছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ নাগৰিকত্ব গ্ৰহণ কৰে। হ’লেও সময় পালেই মহাৰাষ্ট্ৰৰ ওপজা গাঁৱলৈ পৰিয়ালসহ আহিছিল অশোক। 

পেছাত চিকিৎসক লিঅ’ই কিছুদিনৰ বাবে মুম্বাইৰ কে ই এম হাস্পতালত ইণ্টাৰ্নশ্বিপ কৰিছিল বুলিও জানিবলৈ দিয়ে ভাৰতত থকা তেওঁৰ কেবাগৰাকী আত্মীয়ই।

'এয়া এক ইতিহাস। বিশ্বত নতুন যুগৰ আৰম্ভণি। আয়াৰলেণ্ডে জাতি, ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ উৰ্ধত কেৱল দক্ষতাৰ ভিত্তিত তেওঁক প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিছে।’-এইদৰে কয় ভাৰতত থকা তেওঁৰ এগৰাকী উৎফুল্লিত আত্মীয়ই।

১৯৭৯ চনত লিঅ’ৰ জন্ম হৈছিল ডাবলিনত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ ট্ৰিনিটি কলেজত চিকিৎসা বিজ্ঞান অধ্যায়ন কৰে। ২০১০ চনত পূৰ্ণাংগ চিকিৎসক হৈ উঠাৰ আগলৈকে কেবা বছৰ ধৰি কনিষ্ঠ চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল তেওঁ।

অধ্যায়নৰ মাজতে তেওঁ মাত্ৰ ২২ বছৰ বয়সতে জড়িত হৈ পৰিছিল ৰাজনীতিৰ সৈতে। ২০০৪ চনত তেওঁ ফিংগেল কাউণ্টি কাউন্সিল ডেপুটী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ চৰকাৰৰ মুখপাত্ৰৰ লগতে মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰে।

২০১৫ চনত বিবাহ আইন সন্দৰ্ভত গণভোট অনুষ্ঠিত হোৱাৰ পিছত দেশখনৰ প্ৰথমগৰাকী সমকামী মন্ত্ৰী হিচাপে পৰিগণিত হয় লিঅ’। ইতিমধ্যে লিঅ’ৰ সমকামী পৰিচয়ক লৈ ৰক্ষণশীল দেশসমূহৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছে যদিও আইৰিছ সংবাদ মাধ্যমে সেয়া তেনেই সাধাৰণ ঘটনা হিচাপে লোৱা পৰিলক্ষিত হৈছে। 

"মোৰ চিনাকি সেয়াই নহয়। মই এজন অৰ্ধ ভাৰতীয় ৰাজনীতিবিদো নহয়, অথবা এজন চিকিত্সক ৰাজনীতিবিদো নহয়, অথবা সমকামী ৰাজনীতিবিদো নহয়। এইবোৰ হৈছে মোৰ অংশ বিশেষ, এইবোৰে মোৰ একমাত্ৰ পৰিচয় নহয়, মই ভাবো এইবোৰ হৈছে মোৰ চৰিত্ৰৰ অংশবিশেষ।"-৩৬ সংখ্যাক জন্মদিনত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাত্কাৰত নিজৰ বিষয়ে এইদৰে কৈছিল ভাৰতীয় মূলৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী সমকামী আইৰিছ ৰাজনীতিবিদগৰাকীয়ে।