60
ডিজিটেল ডেস্কঃ ইতিহাস গঢ়ি আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ’ল ভাৰতীয় মূলৰ লিঅ’ ভৰদাকৰ। জাতি, ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ উৰ্ধত কেৱল দক্ষতাৰ ভিত্তিত শান্তিপ্ৰিয় দেশখনৰ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে আকোৱালি ল’বলৈ সাজু হৈছে লিঅ’ক।
মাত্ৰ ৩৮ বৰ্ষীয় লিঅ’ এতিয়া পৰিগণিত হৈছে দেশখনৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে। এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ ভৰাদ গাঁৱত থকা তেওঁৰ পৰিয়ালৰ আন সদস্যসকল।