ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদটোৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ব্যক্তিজনৰ বিষয়ে জানিবলৈ কৌতুহল সকলোৰে হোৱাটো স্বাভাৱিক। কিয়নো এইবাৰ উক্ত পদৰ বাবে এনে এগৰাকী নেতাৰ নাম ঘোষণা কৰা হৈছে যিগৰাকী নেতা অনাহক বিতৰ্ক বাদেই কাকত-চেনেল, আনকি ছ’চিয়েল মিডিয়াতো চৰ্চালৈ অহা নাছিল। চৰ্চাহীন এই নেতাজনেই হৈছে সম্প্ৰতি বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাম নাথ কোবিন্দ।

ৰজনীকান্তৰ পৰা আৰম্ভ কৰি আদৱানিলৈকে চলা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে আজি ৰাষ্ট্ৰপতি পদৰ বাবে ঘোষণা কৰে এইগৰাকী প্ৰাৰ্থীৰ নাম। প্ৰায় দুঘণ্টা ধৰি দলৰ শীৰ্ষ নেতাসকলৰ সৈতে চলা বৈঠকৰ অন্তত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰে কোবিন্দৰ নাম।

ৰাজনৈতিক কাৰণতে হওক বা ব্যক্তিগত প্ৰত্যাশা ধূলিস্যাৎ হোৱাৰ বাবেই হওক, অমিত শ্বাহৰ সিদ্ধান্তত যদি কোনোবা আচৰিত হৈছে, কোনোবা আকৌ হৈছে হতাশ। কিন্তু সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হৈছে ৰাম নাথ কোবিন্দ ক’ত, কিয় বিখ্যাত! 

ৰাম নাথ কোবিন্দৰ বিষয়ে থোৰতেঃ 

► ৭১ বছৰীয়া কোবিন্দ কাণপুৰৰ এগৰাকী দলিত নেতা, যিয়ে হিন্দু অধ্যুষিত অঞ্চলটোত লোকসভা নিৰ্বাচনত বিজেপিক সাফল্যৰ বাট দেখুওৱাত অনবদ্য অৰিহণা যোগাইছিল। 

► কোবিন্দ ১৯৯৮ চনৰ পৰা 200২ চনলৈ গেৰুৱা দলটোৰ দলিত মৰ্চাৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছে। 
তদুপৰি সৰ্বভাৰতীয় কুলি সমাজৰ অধ্যক্ষ হোৱাৰ উপৰিও আইআইএম কলকাতাত অনুসূচিত জাতি জনজাতিৰ প্ৰতিনিধিও আছিল। 

► উত্তৰ প্ৰদেশৰ পৰা দুবাৰকৈ ক্ৰমে ১৯৯৪-২০০০ আৰু ২০০০-২০০৬ কালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে কোবিন্দ৷ পেছাত এজন উকিল কোবিন্দে উচ্চতম ন্যায়ালয়তো অধিবক্তা হিচাপে অনুশীলন কৰিছিল৷ 
নিউয়ৰ্কত ভাৰতক প্ৰতিনিধিত্ব কৰি ২০০২ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত সম্বোধন কৰিছিল৷ 

► কাণপুৰ কলেজৰ পৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ উদ্দেশ্যে দিল্লীলৈ আহিছিল কোবিন্দ৷ দুবাৰকৈ ফেইল কৰাৰ পিছতো হাৰ নামানি তৃতীয়বাৰত উত্তীৰ্ণ হৈছিল এই পৰীক্ষাত৷ কিন্তু তেওঁ ওকালতিৰ কৰিম বুলিয়ে প্ৰশাসনিক সেৱাত ভৰ্তি নহ’ল৷  

► কোবিন্দে তেওঁৰ কানপুৰস্থিত গাঁৱৰ ঘৰটো ৰাজহুৱা বিবাহ ভৱন হিচাপে দান গাওঁবাসীলৈ দান দিছে৷ 
বিজেপিত যোগদান কৰাৰ আগেয়ে ১৯৭৭ ত কোবিন্দে তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ব্যক্তিগত সচিব হিচাবে কাম কৰিছিল৷ 

► কোবিন্দৰ প্ৰতি দলিত সম্প্ৰদায়ৰ আস্থাই গেৰুৱা দলটোৰ বাবে বহুসময়ত ত্ৰাণকৰ্তাৰ দৰে কাম কৰিছে৷ ২০১২ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত, ৰাজনাথ সিঙে দলিত অধ্যূষিত এলেকাত কোবিন্দৰ সহায়তে প্ৰচাৰ অভিযান চলাইছিল৷ 

► কোবিন্দক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াটো আগন্তুক বিধানসভা নিৰ্বাচনত দলিতৰ মন জয় কৰাৰ কাৰ্ড হিচাপে বিবেচিত হৈছিল৷ কোবিন্দৰ নিযুক্তিৰ বিষয়ে মুখ্যমন্ত্ৰী নিতিশ কুমাৰক জনোৱা হোৱা নাছিল বুলি সংবাদ মাধ্যমত পোৱা চৰ্চাই বিতৰ্কৰো সূচনা কৰিছিল৷ সেই নিযুক্তি অসাংবিধানিক আছিল বুলি নীতিশ কুমাৰে মন্তব্য কৰিছিল৷ 

► কোবিন্দৰ প্ৰক্ষেপ দৰাচলতে দলিত আৰু পিছপৰা শ্ৰেণীৰ মনত থাকিব পৰা গেৰুৱা বিদ্বেষী মনোভাৱ নাইকিয়া কৰাৰ বাবেই লোৱা এক সুচিন্তিত পদক্ষেপ বুলি ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে৷