newsnextone.com | ওদালগুৰিঃ সৰ্বশিক্ষা অভিযান প্ৰেৰণ কৰা এখন পত্ৰই খলকনি লগাইছে বিটিএডি এলেকাত৷ সৰ্বশিক্ষা অভিযানৰ কাহিলীপাৰাস্থিত কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰ খন ফাদিল কৰিছে ৰাজ্যৰ বহুকেইখন জিলাৰ শিক্ষা বিভাগৰ লগতে বিটিচিৰ শিক্ষা বিভাগ। পত্ৰখনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শনৰ দায়িত্বত থকা একাংশ চিআৰচিচিসকলে দায়িত্বত পালনত গাফিলতি কৰাৰ কথা পোহৰলৈ আহিছে। চিআৰচিচিসকলে মাহত এবাৰকৈ হ’লেও প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰি তাৰ চিন স্বৰূপে উপস্থিতিৰ তথ্য তেওঁলোকক চৰকাৰে দিয়া টেবলেটৰ জৰিয়তে অনলাইন পোৰ্টেলত আপলোড কৰিব লাগে যদিও সেই নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে পত্ৰ খনত৷ পত্ৰখনে উদঙাই দিছে তেওঁলোকে কৰ্তব্য কৰি অহা গাফিলতিৰ কথা। 

বিগত ৮ জুনত সৰ্বশিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালক ধ্ৰুৱজ্যোতি দাসে স্বাক্ষৰ কৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৰাজ্যৰ প্ৰতিখন জিলালৈ। পত্ৰখনত উল্লেখ কৰা হৈছে যে যিসকল চিআৰচিচিয়ে কৰ্তব্যত গাফিলতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব লাগে। লগতে চলিত বৰ্ষৰ বিগত জানুৱাৰী মাহৰ পৰা মে’ মাহলৈ কোনখন জিলাত চিআৰচিচিসকলে কিমানখন বিদ্যালয় ভ্ৰমণ কৰিছে বা ভ্ৰমণকালত কিমানগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী অনুপস্থিত আছিল সেই বিষয়েও বিতংভাৱে এখন তালিকা সংলগ্ন কৰি দিয়া হৈছে। 

পত্ৰখনৰ দ্বাৰা বিটিচি অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ পুতৌ লগা তথ্য পোহৰলৈ আহিছে। পত্ৰখনৰ পৰা লাভ কৰা তথ্য অনুসৰি উক্ত ৫ মাহত বিটিচিৰ চাৰি খন জিলাত চিআৰচিচিসকলৰ পৰিদৰ্শন শূন্য বুলি কলেও বঢ়াই কোৱা নহ’ব। বিগত ৫ মাহত বাক্সা জিলাৰ চিআৰচিচি সকলে এখনো বিদ্যালয় পৰিভ্ৰমণ কৰি অনলাইন পোৰ্টেলত আপলোড কৰা নাই। চিৰাং জিলাত এখন বিদ্যালয় পৰিদৰ্শন কৰি অনলাইন পোৰ্টেলত আপলোড কৰিছিল। পৰিদৰ্শন সময়ছোৱাত বিদ্যালয়খনত তিনিজন শিক্ষক-শিক্ষয়ত্ৰীৰ বিপৰীতে দুজন উপস্থিত আছিল আৰু এগৰাকীয়ে ছুটীত আছিল। 

আনহাতে কোকৰাঝাৰ জিলাত বিগত ৫ মাহত মাত্ৰ এখন এজনীয়া শিক্ষকৰ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষকজনৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। একেদৰে ওদালগুৰি জিলাৰ চিআৰচিচিসকলে বিগত ৫ মাহত চাৰিখন বিদ্যালয় পৰিদৰ্শন কৰিছিল। উক্ত চাৰিখন বিদ্যালয়ৰ মুঠ দহ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ পৰিৱৰ্তে পৰিদৰ্শনৰ সময়ত উপস্থিত আছিল মাত্ৰ ছয়গৰাকী। বাকী চাৰি গৰাকীয়েই ছুটী অৱিহনে অনুপস্থিত থকাৰ কথা পত্ৰখনত উল্লেখ কৰা হৈছে। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ভিতৰত বৰপেটা জিলাৰ চিআৰচিচিসকলে অধিক বিদ্যালয় পৰিদৰ্শণ কৰি অনলাইন পোৰ্টেলত আপলোড কৰাৰ কথা জানিবলৈ পোৱা গৈছে।

বিগত ৫ মাহত বৰপেটা জিলাৰ চিআৰচিচিসকলে ১৭১৭ খন বিদ্যালয় পৰিদৰ্শনৰ সময়ত ৫২০২ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থকাৰ বিপৰীতে ৫৫৪জন ছুটীত অনুপস্থিত থকাৰ বিপৰীতে ৮৯১গৰাকীয়ে ছুটী অবিহনেই উপস্থিত নথকাৰ কথা পত্ৰখনত উল্লেখ কৰা হৈছে। আনহাতে পত্ৰখনৰ দ্বাৰা বিষয়াজনে যিসকল চিআৰচিচিয়ে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত গাফিলতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে তৎকালে কাৰণ দৰ্শোৱাৰ নিৰ্দেশ জাৰি কৰিবলৈ জিলাসমূহক নিৰ্দেশ দিছে। সম্প্ৰতি এই পত্ৰখন লাভ কৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষা বিভাগৰ লগতে বিটিএডিৰ শিক্ষা বিভাগত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।