যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তিৰ উদ্যোগত পথ অৱৰোধ…

লিডুঃ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীক ক’ল ইণ্ডিয়াৰ ঊৰ্ধ্বতন কতৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে অব্যাহতি দিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন৷

আজি মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনকেইটাৰ যুটীয়া নেতৃত্বত প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে ক’ল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধক কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে সংগঠনকেইটাৰ লগতে সুৰক্ষাকৰ্মীসকলে ৰাজপথত উত্তাল কৰি তুলে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই শীঘ্ৰেই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষক টিৰাপ আৰু টিকক কলিয়ৰীত নিয়োজিত থকা সুৰক্ষা কৰ্মীসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাকো ৰাইজৰ পক্ষত ঠিয় হৈ সুৰক্ষা কৰ্মীসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

লগতে নেতা গৰাকীয়ে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ লগতে সাংসদ ৰামেশ্বৰ তেলীকো এনে নিষ্কৃষ্ট ৰাজনীতি পৰিহাৰ কৰি ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ আনহাতে শুকুৰবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা সঞ্জীৱ উলুপৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি লক্ষজ্যোতি গগৈ, আৰু সম্পাদক পাপু দত্তই অতি শীঘ্ৰেই যদি সুৰক্ষা কৰ্মীসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ক’ল ইণ্ডিয়াৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত প্ৰতিবাদ জংগী হোৱাৰো হুংকাৰ প্ৰদান কৰে৷

উল্লেখ্য যে পথ অৱৰোধ কাৰ্যসূচীত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ এগৰাকী উচ্চ-পদস্থ বিষয়া আহি ৰাইজৰ আগত শীঘ্ৰেই সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিতি শাম কাটে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰায় ২০০ কৈও অধিক যানবাহন ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ওপৰত আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়৷