newsnextone.com | ডিজিটেল ডেস্কঃ জীৱনৰ বাবে অনুকূল নেকি মঙল গ্ৰহ? পৰাটীন কালত মঙল গ্ৰহতো আছিল নেকি জীৱ? নাছাৰ মঙলগ্ৰহলৈ প্ৰেৰণ কৰা কিউৰ’চিটি নামৰ যান খনে প্ৰেৰণ কৰা তথ্যই বিজ্ঞানীসকলৰ মনত এই বিষয়ে আশাৰ সঞ্চাৰ কৰিছে৷ মঙল গ্ৰহত ৩০০ কোটি বছৰ পুৰণা এটা শিলত প্ৰাণৰ অস্তিত্বৰ সন্ধান পাইছে বিজ্ঞানীয়ে৷

৩০০ কোটি বছৰ পুৰণি পাললিক শিলটোত কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন তথা প্ৰাণৰ অস্তিত্বৰ সপক্ষে আৰু কেইবাটাও অৰ্গেনিক পদাৰ্থৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে নাছাৰ গৱেষকে৷ 

সাধাৰণতে এই অৰ্গেনিকে মলিকিউলছ বায়ল’জিকেল পদ্ধিতৰ প্ৰমাণ বহন কৰে৷ যাৰ বাবে বিজ্ঞানীয়ে আশা প্ৰকাশ কৰিছে যে কোটি কোটি বছৰ পূৰ্বে হয়তো পৃথিৱীৰ দৰে মঙল গ্ৰহতো জীৱ আছিল৷

নাছাই প্ৰকাশ কৰা অনুসৰি বৰ্তমান মঙল গ্ৰহৰ পৰিৱেশ প্ৰাণীৰ বাবে উপযুক্ত নহয়৷ মঙল গ্ৰহত থকা এটি প্ৰকাণ্ড গহ্বৰত পূৰ্বতে পানী আছিল বুলি জানিব পাৰিছে বিজ্ঞানীয়ে৷ অৱশ্যে অৰ্গেনিক মলিকিউলছ নন-বায়ল’জিকেল পদ্ধতিৰেও তৈয়াৰ হ’ব পাৰে৷ 

সেয়েহে পাললিক শিলেই মঙল গ্ৰহত প্ৰাণৰ অস্তিত্বৰ বিষয়ে নিশ্চয়তা প্ৰদান নকৰে বুলি কয় নাছাই৷ কিন্তু নাছাৰ গৱেষকে সঠিক দিশে আগুৱাই গৈ কম দিনৰ ভিতৰতে মঙল গ্ৰহত প্ৰাণীৰ অস্তিত্ব সম্পৰ্কে নিশ্চয়তা প্ৰদান কৰিব পাৰিব বুলি দাবী কৰে নাছাই৷