newsnextone.com | ডিজিটেল ডেস্কঃ জীৱনৰ বাবে অনুকূল নেকি মঙল গ্ৰহ? পৰাটীন কালত মঙল গ্ৰহতো আছিল নেকি জীৱ? নাছাৰ মঙলগ্ৰহলৈ প্ৰেৰণ কৰা কিউৰ’চিটি নামৰ যান খনে প্ৰেৰণ কৰা তথ্যই বিজ্ঞানীসকলৰ মনত এই বিষয়ে আশাৰ সঞ্চাৰ কৰিছে৷ মঙল গ্ৰহত ৩০০ কোটি বছৰ পুৰণা এটা শিলত প্ৰাণৰ অস্তিত্বৰ সন্ধান পাইছে বিজ্ঞানীয়ে৷
৩০০ কোটি বছৰ পুৰণি পাললিক শিলটোত কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন তথা প্ৰাণৰ অস্তিত্বৰ সপক্ষে আৰু কেইবাটাও অৰ্গেনিক পদাৰ্থৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে নাছাৰ গৱেষকে৷