56
ডিজিটেল ডেস্কঃ শক্তি প্ৰদৰ্শনৰ বাবে নহয়। প্ৰয়োজনৰ সময়ত সদ্ব্যৱহাৰৰ বাবেহে লাগে বল-শক্তি। পিছে এই কথাকে নুবুজি টেলিভিছনৰ লাইভ অনুষ্ঠানত আৰ্তনাদ কৰিবলগীয়া হল এগৰাকী যুৱতীয়ে।
বাহুৰ বল প্ৰদৰ্শন কৰি পৰাক্ৰমী মহিলাই ছটফটাই থাকিবলগীয়া হল ষ্টুডিঅ’ত। এই ঘটনা আৰ্জেণ্টিনাৰ। দেশখনৰ এক টেলিভিছন চেনেলৰ অনুষ্ঠানত মিলিত হৈছিল দুই পাঞ্জা খেলুৱৈ।