newsnextone.com ।। বিলাসীপাৰাঃ ভাৰতবৰ্ষ স্বাধীনোত্তৰ ৭২ বছৰ অতিক্ৰম হোৱাৰ পিছত বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত বয়জেৰ আলগা গাঁও পঞ্চায়তৰ বয়জেৰ আলগা ৩য় খণ্ড গাঁৱৰ একমাত্ৰ ৰাস্তাত কোনো এখন চৰকাৰে এচপৰা মাটি নেপেলোয়াত ৰাইজৰ মাজত এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে ।

উক্ত গাঁৱৰ জৰাজীৰ্ণ ৰাস্তাৰে দৈনিক প্ৰায় তিনি হাজাৰ ৰাইজে যাতায়ত কৰে যদিও কোনো জনপ্ৰতিনিধিয়ে ৰাস্তাটোৰ প্ৰতি চকু দিয়া নাই।

স্হানীয় ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি স্থানীয় সাংসদ বিধায়কক লৈকে আবেদন কৰিও একো সুফল পোৱা নাই।

ৰাইজে জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই অৱশেষত স্থানীয় সচেতন নাগৰিক তথা শিক্ষক আবুল কাসেম, সচেতন যুৱক তথা হাফিজ ৰফিকুল ইছলামৰ নেতৃত্বত ৰাইজে যাতায়তৰ সুবিধাৰ্থে ৰাস্তা মেৰামতি কৰি লয়।