গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্য ৰাজনীতিতো ব্যাপক তৎপৰতা চলি থকা সময়তে মঙলবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ১৪ টা লোকসভাৰ সমষ্টিৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। সেই অনুসৰি ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰ লোকসভাৰ সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।

ইফালে মঙলবাৰে সামৰণি পৰিব লগা প্ৰথম পৰ্যায়ৰ লোকসভাৰ সমষ্টি সমূহক লৈ ৰাজনৈতিক দলসমূহৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। আজি কংগ্ৰেছৰ কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈ হৈ কাজিৰঙাত প্ৰচাৰ চলাব অভিনেত্ৰী নাগমাই। তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। একেদৰে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানু হৈ প্ৰচাৰ চলাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। বালিপৰাৰপৰা ঘোঁৰামৰালৈ অংশগ্ৰহণ কৰিব এক বাইক ৰেলিত। আজি অন্তিমটো দিনত ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাট সমষ্টিতো প্ৰাৰ্থীসকলে প্ৰচাৰ চলোৱা বাবে পুৱাৰপৰা গ্ৰহণ কৰিছে যুদ্ধংদেহী তৎপৰতা।

উল্লেখ্য যে, অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই প্ৰথম পয্যায়ৰ নিৰ্বাচনক লৈ ৰাজ্য প্ৰশাসনৰ ফালৰ পৰাও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহলৈ ইতিমধ্যে মোতায়ন কৰা হৈছে সামৰিক আৰু অৰ্ধসামৰিক বাহিনী জোৱান। 

আনহাতে, আজি সন্ধিয়া পাঁচ বজাৰপৰা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা পাঁচ সমষ্টিত অহা ১১ এপ্ৰিলৰ ভোটদানৰ শেষলৈকে ঘোষণা কৰা হৈছে ড্ৰাই দে। অৰ্থাৎ আজিৰপৰা ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰত বন্ধ থাকিব সকলো সুৰাৰ বিপনী। যাতে ভোটদানৰ সময়ত সমষ্টিসমূহত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে ঘোষণা কৰিছে এই ড্ৰাই দে। ইফালে, এই ড্ৰাই দে সময়ছোৱাত যদি কোনোৱে আইন ভংগ কৰে তেনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ কথাও ঘোষণা কৰে প্ৰশাসনে।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলা কেইখনত ১১ এপ্ৰিলৰ দিনা এন আই এক্টৰ অধীনত ঘোষণা কৰাৰ হৈছে স্থানীয় বন্ধ। উক্ত দিনটোত চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়, বেংক, ব্যৱসায়-বাণিজ্যি সকলো বন্ধ থাকিব। যাতে উক্ত দিনটোত ভোটদানৰপৰা কোনো নাগৰিক বঞ্চিত নহয় তাৰ বাবে ঘোষণা হৈছে এই বন্ধ।