লোকসভা নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ যুদ্ধংদেহী তৎপৰতা

Home ৰাজনীতিলোকসভা নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ যুদ্ধংদেহী তৎপৰতা

লোকসভা নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ যুদ্ধংদেহী তৎপৰতা

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্য ৰাজনীতিতো ব্যাপক তৎপৰতা চলি থকা সময়তে মঙলবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ১৪ টা লোকসভাৰ সমষ্টিৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। সেই অনুসৰি ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰ লোকসভাৰ সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।

ইফালে মঙলবাৰে সামৰণি পৰিব লগা প্ৰথম পৰ্যায়ৰ লোকসভাৰ সমষ্টি সমূহক লৈ ৰাজনৈতিক দলসমূহৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। আজি কংগ্ৰেছৰ কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈ হৈ কাজিৰঙাত প্ৰচাৰ চলাব অভিনেত্ৰী নাগমাই। তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। একেদৰে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানু হৈ প্ৰচাৰ চলাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। বালিপৰাৰপৰা ঘোঁৰামৰালৈ অংশগ্ৰহণ কৰিব এক বাইক ৰেলিত। আজি অন্তিমটো দিনত ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাট সমষ্টিতো প্ৰাৰ্থীসকলে প্ৰচাৰ চলোৱা বাবে পুৱাৰপৰা গ্ৰহণ কৰিছে যুদ্ধংদেহী তৎপৰতা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0