গুৱাহাটীঃ ৰাজ্য পাঁচ লোকসভাৰ সমষ্টিত সাধাৰণ নাগৰিকৰ সমান্তৰালকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ওলাই আহিছে ৰাজ্যৰ হাইপ্ৰ’ফাইল ৰাজনৈতিক নেতাসকলো।
সেই অনুসৰি পুৱাই গোলাঘাটৰ ফেচুৱালা গাঁৱৰ ১২২ নং ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগে। তাৰ বিপৰীতে পত্নী দলি গগৈ, পুত্ৰ গৌৰৱ গগৈ তথা কলিয়াবৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে পুৱাই তিতাবৰত ভোটদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।