ডিজিটেল ডেক্সঃ দায়িত্ববোধ আৰু কৰ্তব্যনিষ্ঠাৰ বাবে মানুহে বাটৰ হাজাৰ বিঘিনিও অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ জলন্ত উদাহৰণ মহাৰাষ্ট্ৰৰ ২৯ বছৰীয়া চৰকাৰী বিদ্যালয়ৰ শিক্ষক ৰঞ্জনিকান্ত মেন্ধে। প্ৰতিদিনে তেওঁ পুনেৰ পৰা ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব মটৰচাইকেলেৰে আহি বিদ্যালয়ত উপস্থিত হয়গৈ।
ঘাইপথৰ পৰা নামি শিক্ষকজনে পাহাৰীয়া বোকাময় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। দুয়োকাষে ৪০ ফুট দ’ গাত থকা বাটটো বাৰিষা শিল-বালি কঢ়িওৱা ট্ৰাকে কদৰ্য কৰি পেলায়। এনে ভয়াবহ পথেৰে প্ৰতিদিনে তেওঁ অহা-যোৱা কৰে মাত্ৰ এজন ছাত্ৰৰ বাবে। চান্দাৰ নামৰ গাঁওখনত আছে মাত্ৰ ১৫ টা পৰিয়াল, জনসংখ্যা ৬০ জন। গাঁওখনৰ একমাত্ৰ স্কুলখনত যোৱা দুবছৰে এজনেই ছাত্ৰ, ৮ বছৰীয়া যুৱৰাজ ছানগাল।
বিদ্যালয়ত উপস্থিত হৈ ৰঞ্জনিকান্ত মেন্ধেই কি কৰে? তেওঁৰ মুখেৰেই শুনক। স্কুল আহি পায়েই মোৰ প্ৰথম কাম যুৱৰাজক বিচাৰি উলিওৱা। কেতিয়াবা তাক বিচাৰি পাওঁ হাবিৰ মাজত, কেতিয়াবা তাৰ ঘৰত। সি স্কুললৈ আহিব নিবিচৰাৰ কাৰণ মই বুজি পাওঁ। কোনো বন্ধু নথকা ক্লাছলৈ সিনো কিয় আহিব বিছাৰিব?
পুনেত থাকি কৰ্মস্থানলৈ অহা-যোৱা কৰা ৰঞ্জনিকান্ত মেন্ধেৰ আচল ঘৰ নাগপুৰত। আঠ বছৰ পূৰ্বে বিদ্যালয়খনত যোগদানৰ সময়ত স্কুলখনত ১১ জন শিক্ষাৰ্থী আছিল। কিন্তু উচ্চ শিক্ষাৰ বিদ্যালয় ১২ কিলোমিটাৰ আঁতৰৰ মানগাঁৱত থকাৰ বাবে ল’ৰাহঁতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিছে। বহু ছোৱালীক গুজৰাটৰ ফাৰ্ম আৰু কাৰখানাত দৈনিক হাজিৰাৰ বাবে প্ৰেৰণ কৰা হৈছে।
১৯৮৫ চনত স্থাপন কৰা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে দিয়া ধনেৰে ঘৰৰ চাৰি বেৰ নিৰ্মাণ কৰা হয় যদিও ওপৰখন এতিয়াও উন্মুক্ত৷ ইমান প্ৰতিকুলতাৰ মাজতো ৰঞ্জনিকান্তে একমাত্ৰ ছাত্ৰজনক ই-লাৰ্নিঙৰ সুযোগ দিছে৷ ডাউনলোড কৰা তথ্যহে দেখুৱাব পৰা এটা সৰু টিভি ছেট ১২ ভল্ট সৌৰ প্লেটৰ বেটাৰীৰ সহায়ত সক্ৰিয় কৰি তেওঁ যুৱৰাজক ই-শিক্ষা দিছে৷ বহিৰ্বিশ্বৰ সৈতে নিজ ছাত্ৰক পৰিচয় কৰাই দিয়াই তেওঁৰ লক্ষ্য৷