তেজপুৰ : এটি শিশু ধৰ্ষণত অভিয়ুক্তক পলাতক ঘোষণা কৰিলে শোণিতপুৰ আৰক্ষীয়ে। অভিয়োগ অনুসৰি বালিপৰাৰ নেপালী চিলনী চিলনী গাঁৱৰ কন্যা তথা খনামুখ মডেল একাডেমী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কিছুদিন পূৰ্বে চিলনী বঙালী গাঁৱত হৈ থকা সানচাৰী পূজা চাবলৈ যাওঁতে চিলনী বঙালীৰ ঘনশ্যাম নৰহ নামৰ লোকজনে পূজাস্থলীলৈ নিয়াৰ প্ৰলোভন দি ওচৰতে থকা এখন হাবিলৈ নি শিশুটিৰ মুখত সোপা দি ধৰ্ষণ কৰে৷

ঘটনাৰ বিষয়ে কাৰোবাক জনালে শিশুটিক মাৰি পেলোৱাৰ ভাবুকি দিয়ে ধৰ্ষণকাৰীয়ে৷ পিচত ঘটনাটি শিশুটিয়ে মাতৃক অৱগত কৰাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও তাৰ পূৰ্বে লোকজনে পলায়ন কৰে।

ধৰ্ষণকাৰী  নৰহ বৰ্তমানলৈকে পলাতক হৈ আছে । আৰক্ষীয়ে ধৰ্ষণ কাৰীক আটক কৰাত ব্যৰ্থ হোৱাৰ পাছত  আৰক্ষী অধীক্ষক পি পি সিঙে  সকলো আৰক্ষী থানা ,আৰক্ষী চকী, চি আই ডিলৈ জাননী জাৰি কৰিছে।