লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ লখনৌ এক্সপ্ৰেছ ঘাইপথত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰেক্টৰ ট্ৰ’লীত খুন্দিয়াই তীব্ৰ গতিত আহি থকা যাত্ৰীৰে ভৰা ভলব’ বাছখন বাগৰি পৰে৷ থিতাতে মৃত্যু হয় পাঁচজনলোকৰ৷ লগতে ২৪ জনতকৈ অধিকলোক আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷
এই ঘটনা লক্ষ্নৌৰ বাংগৰমউ কোতবালীৰ দেৱখৰি গাঁওৰ সমীপত সংঘটিত হয়৷ জানিব পৰা মতে দুৰ্ঘটনাতপতিত হোৱা বাছখন দিল্লীৰপৰা বিহাৰলৈ যাত্ৰা কৰিছিল৷ কিন্তু লখনৌৰ এই ঘাইপথত আগতেও এনে ভয়ানক কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে৷ আঘাতপ্ৰাপ্তলোকক উন্নাও জিলাৰ চিকিৎসালত ভৰ্তি কৰোৱাৰ পাছত তাৰেই সংকটজনক অৱস্থাত থকা লোকক লখনৌৰ ট্ৰামা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷
এছঅ’ অৰবিন্দ সিঙে ভলব’ নং UP83BT4106 বাছখন গুৰুগ্ৰামৰপৰা মধুবনীলৈ যাত্ৰা কৰিছিল৷ মাজ পথতেই ট্ৰেক্টৰ ট্ৰলীখনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে বুলি তেওঁ কয়৷
ইতিমধ্যে মৃত ব্যক্তি তথা আঘাতপ্ৰাপ্তলোকৰ পৰিজনলৈ খবৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷ আনহাতে, পৰি থকা বাছখনক ক্ৰেনৰ সহায়েৰে উঠাবলৈ সক্ষম হোৱাৰ লগতে পথটো যাত্ৰাৰ বাবে মুকলি কৰি দিয়ে৷