ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত নিৰ্মিত সামগ্ৰী কিনা-বেচা সংক্ৰান্তত নিৰ্মাতাসকলক সুৰক্ষা প্ৰদানৰ বাবে আইনী আৰু নিয়ামক- এই দুয়োধৰণৰেই ব্যৱস্থআ হাতত লোৱাৰ বাবে গুণা-গঁথা কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।
দৰাচলতে কানাডা আৰু মেক্সিকোৰ সৈতে মাৰ্কিন চৰকাৰৰ ‘উত্তৰ আমেৰিকা মুক্ত বাণিজ্য চুক্তি’ৰ ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰদুখনক অগ্ৰাধিকাৰ প্ৰদানৰ বিষয়টো আলোচিত হোৱাৰ সময়তে এই কথা সদৰী কৰিছে ট্ৰাম্পে। উল্লেখ্য যে যুক্তৰাষ্ট্ৰখনত সম্প্ৰতি মেড ইন আমেৰিকা সপ্তাহ চলি আছে।