newsnextone.com | ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদেশখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক আবন্টিত কৰা শাসকীয় বাংলা এমাহৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পিছতে মধ্যপ্ৰদেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী (বিজেপি), কৈলাশ যোশী (বিজেপি) আৰু দিগ্বিজয় সিঙ (কংগ্ৰেছ)-এ ভূপালস্থিত তেওঁলোকৰ চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ বাধ্য হৈ পৰে৷
ন্যায়াধীশ হেমন্ত কুমাৰ গুপ্তা আৰু ন্যায়াধীশ এ কে শ্ৰীনিৱাসৰ কাৰ্যাধ্যক্ষতাৰ জৱলপুৰ উচ্চ ন্যায়ালয়ৰ এখন বিচাৰ পীঠে ৰৌনক যাদৱ নামৰ লোকজনৰ আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰখনক এই নিৰ্দেশ প্ৰদান কৰে৷