প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ ভোগৰ বিহুলৈ মাজত মাথো এটা দিন৷ এতিয়া চৌ ভোগালীৰ প্ৰস্তুতি৷ ‘মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যিয়ে আহে, তাকো এগাল দিওঁ’৷ মাহ কৰাইৰ পৰা আৰম্ভ কৰি মাছ, মাংসলৈকে মাঘবিহু এসাজ খাবলৈ সাজু সকলো৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷ এতিয়া ভোগালীক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি প্ৰতিখন অসমীয়াৰ ঘৰ৷ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷ কিন্তু বিহুৰ গইনা লৈ বজাৰচ জুই-চাই দামে মাধমাৰ শোধাইছে অসমীয়াক৷

অসমীয়াৰ হিয়াৰ আমঠু ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰ সমূহত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত হাহাকাৰ কৰিব লগা হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সম্প্ৰতি নগাঁও জিলাত এচাম অসাধু ব্যৱসায়ীয়ে নিজ খেয়াল-খুচি মতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি ঘটোৱাত সাধাৰণ শ্ৰেণীৰ খাটিখোৱা লোকসকলে ত্ৰাহি মধুসূদন সোঁৱৰিছে৷ যোগান বিভাগৰ আওকণীয়া মনোভাব তথা চৰকাৰৰ সাধাৰণ ৰাইজৰ প্ৰতি থকা দায়িত্বহীনতাৰ ফলতেই ভোগালীৰ বিহুৰ অচিলা লৈ ব্যৱসায়ীসকলে খাদ্য সামগ্ৰীৰ দৰ মইমতালিৰে বৃদ্ধি কৰি কৃষক আৰু শ্ৰমিক শ্ৰেণীটোৰ বিহুৰ আনন্দ-উৎসাহ একপ্ৰকাৰে ম্লান কৰি পেলাইছে৷

আনকি হেঁপাহৰ বাপতিসাহোন ভোগালী বিহুটি উদযাপনৰ বাবে ককালত টঙালি বান্ধি সকলো সাজু হৈছে যদিও বজাৰত হঠাতে খাদ্য সামগ্ৰীৰ দাম গগণচুম্বী হৈ পৰাত দৰিদ্ৰ নগঞা জনতাৰ মাজত স্বাভাবিকতেই হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷জিলাখনৰ বিভিন্ন অঞ্চলত বৰ্তমানে বিহুৰ বতৰত প্ৰতিজন অসমীয়াই আলহী-অতিথিক আপ্যায়ণ কৰাৰ নিমিত্তে পিঠা-পনা, লাড়ু, সান্দহ, জলপান আদি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীৰ লগতে মাছ-মাংস, শাক-পাচলিকে ধৰি আন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সীমাহীন মূল্য বৃদ্ধিত গঞাৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈ বিহুৰ প্ৰস্তুতি চলোৱাৰ বেলিকা থমকি ৰ’বলৈ বাধ্য হৈছে৷

ধুৰন্ধৰ বণিক শ্ৰেণীটোৰ দৌৰাত্ম্য ইমানেই বৃদ্ধি পাইছে যে গঞাৰাইজৰ সৰলতাৰ সুযোগ লৈ ঠায়ে ঠায়ে খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টিৰে ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰে পৰা আজিৰ তাৰিখলৈকে ক্ৰমান্বয়ে পূৰ্বৰ তুলনাত প্ৰতিবিধ সামগ্ৰীৰে দৰ দুই-তিনি দিনৰ মুৰে মুৰে কেজিয়ে প্ৰতি ৫-১০ টকা পৰ্যন্ত বৃদ্ধি কৰি মুনাফা লুটিছে৷ প্ৰাপ্ত তথ্য মতে, বিহুৰ বতৰত ৰাইজৰ মাজত অতি সমাদিত খাদ্য সামগ্ৰীসমূহৰ দৰ বৰ্তমান খুচুৰা হিচাপত প্ৰতি কিল’ তিল ১২০-১৫০ টকা, গুড় ৭০-৯০ টকা, বৰা চাউল ৬০-৮০ টকা, কোমল চাউল ৫০-৭০ টকা, চিৰা ৪০-৪২ টকা, দৈ গাখীৰ ৯০-১৫০ টকা,আখৈ ৩২-৪০ টকা, মুড়ি ৩৫-৪২ টকা হোৱাৰ বিপৰীতে পিঠা-পনাত বহুলভাবে ব্যৱহৃত হোৱা নাৰিকল প্ৰতিযোৰাত ১২০-১৫০ টকা চ’ৰা দামত নিবিঘ্নে বিক্ৰী হৈ আছে৷

ঠিক সেইদৰে প্ৰতিকিল’ মগু দাইল ৮০-৮৫ টকা, মচুৰ দাইল ৭০-৭৫ টকা, আটা ৩২-৩৫ টকা, ময়দা ৩০-৩২ টকা, বুট ৮০-৮৫ টকা, চেনী ৫০-৫৫ টকা, মিঠাতেল ১০০-১৫০ টকা, চাহপাত ২০৯-২৪০ টকা, আলু ১৫-২০ টকা, পিয়াঁজ ৬০-৬২ টকা, নহৰু ১০০-১২০ টকা, জিৰা ২৪০-২৫০ টকা, চয়াবিন ১০০-১২০ টকা আৰু চাউল সৰ্বনিম্ন ৩২ টকা দৰত অবাধে বিক্ৰী হৈ থকা বুলি জানিব পৰা গৈছে৷

ইয়াৰ বিপৰীতে মাছ-মাংসৰ ক্ষেত্ৰত চালানী মাছ প্ৰতি কিল’ত ১৯০-২৪০ টকা আৰু লোকেল মাছ প্ৰতি কিল’ত নিম্নতম ২৮০ টকা পৰ্যন্ত দৰ চলি আছে৷ তদুপৰি মাংসৰ বেলিকা ছাগলীৰ মাংস ৪৮০-৫০০ টকা, লোকেল মূৰ্গী ৩০০-৩২০ টকা, ব্ৰয়লাৰ মূৰ্গী ২০০-২২০ টকা, হাঁহৰ মাংস ৪০০-৪২০ টকা আৰু গাহৰিৰ মাংস ২২০-২৬০ টকাকৈ প্ৰতিকেজিত বিক্ৰী কৰি আছে সুচতুৰ অসাধু ব্যৱসায়ীসকলে৷ আনহাতে লোকেল মূৰ্গীৰ কণী ৩০-৩২ টকা, ফাৰ্মৰ কণী ২৪-২৬ টকা আৰু হাঁহৰ কণী ৩৬-৪০ টকা হালিয়ে প্ৰতি বিক্ৰী হৈ আছে৷ কাজেই, সুবিধাবাদী ব্যৱসায়ী চক্ৰই মাঘবিহুৰ গইনা লৈ শোধোৱা এনে মাধমাৰে বিহুলৈ মাজতে এটা দিন থকা অৱস্থাত এইসকল নগঞাৰ বিহুৰ আনন্দ-উল্লাসত বহু পৰিমাণে ব্যাঘাট জন্মাইছে ৷