ডিজিটেল ডেস্কঃ ফাৰ্ণাবিজ চৰকাৰে অৱশেষত প্ৰায় ৫০ হাজাৰ কৃষকৰ বিদ্ৰোহৰ ৰঙা চকু দেখি যেন প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে। কৃষকৰ দাবী সমূহৰ ওপৰত আলোচনা কৰিবৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ছজনীয়া মন্ত্ৰীক লৈ এখন কমিটি গঠন কৰা বুলি জানিব পৰা গৈছে।
Farmers delegation reached #Maharashtra Assembly for the meeting with the State Govt formed committee to discuss their demands. pic.twitter.com/aNME0B9FLA
— ANI (@ANI) March 12, 2018
চন্দ্ৰকান্ত পাটিল, পাণ্ডুৰংগ ফোডকৰ, গিৰীশ মহাজন, বিষ্ণু ছবাৰা, সুভাষ দেশমুখক আৰু একনাথ সিন্ধেকলৈ ফাৰ্ণাবিজ চৰকাৰে এই কমিটি গঠন কৰিছে।
এই কমিটি গঠন কৰাৰ পূৰ্বে আন্দোলনত কৃষকৰ বৰ্ধিত সংখ্যা দেখি মহাৰাষ্ট্ৰ চৰকাৰে কেবিনেট মন্ত্ৰী গিৰীশ মহাজনক আন্দোলনকাৰী কৃষকসকলৰ সৈতে আলোচনা কৰিবৰ বাবে পঠিয়াইঠিল।
কৃষকসকলে যিসমূহ দাবীক লৈ বিদ্ৰোহ কৰি আহিছে সেই দাবীসমূহৰ প্ৰতি চৰকাৰে ইতিবাচক সঁহাৰি জনোৱা বুলি গিৰীশ মহাজনে কৃষকসকলক জানিবলৈ দিয়ে। মহাজনে কয়, সোমবাৰে কৃষকসকলৰ সমস্যাসমূহক লৈ মুখ্যমন্ত্ৰীৰ সতে আলোচনা কৰা হ’ব।
কৃষকসকলৰ মুখ্য নেতা, সদস্যসকলক লগত লৈ মুখ্যমন্ত্ৰীৰ সৈতে কৰিব লগা এই আলোচনাত যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কয় গিৰীশ মহাজনে।
ৰ’দ, বৰষুণ, বতাহ নেওচি ১৮০ কিলোমিটাৰ বাটকুৰি বাই নাছিকৰ পৰা দেওবাৰে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ মুম্বাইত প্ৰৱেশ কৰিছে প্ৰায় ৩৫ হাজাৰ প্ৰতিবাদী কৃষকে। কৃষকসকলৰ এই দীৰ্ঘ পদযাত্ৰাত সমৰ্থন কৰিছে দেশৰ কেইবাটাও ৰাজনৈতিক দলে।
তাৎপৰ্যপূৰ্ণ যে বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা শিৱসেনা, ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাও কৃষকৰ সৈতে সহমত প্ৰকাশ কৰিছে কাৰ্যসূচীৰ উদ্যোক্তাসকলে জনাইছে।
উল্লেখ্য যে শাৰদ পাৱাৰৰ নেতৃত্বত থকা এনচিপিয়েও কাৰ্যসূচীত হাতউজান দিছে। জানিব পৰা মতে, প্ৰতিবাদকাৰী কৃষকসকলৰ সুবিধাৰ্থে মুম্বাই পৌৰসভাই আজাদ মৈদানত ৪০টা চিট সংযুক্ত লেট্ৰিন, ৪টা পানী টেংক তথা এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিছে৷
মন্ত্ৰণালয় আৰু আজাদ মৈদানৰ ওচৰে-পাজৰে থকা সাৰ্বজনিক শৌচালয়সমূহ দুদিনৰ বাবে বিনামুলীয়া কৰিবৰ বাবে নিৰ্দেশ দিছে চৰকাৰে৷ ইয়াৰোপৰি আজাদ মৈদানৰ চৌপাশ চাফ-চিকুণকৈ ৰাখিবৰ বাবে অতিৰিক্ত চাফাই কৰ্মী নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে৷
উল্লেখনীয় যে, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৃষক মৰ্চাই অখিল ভাৰতীয় কৃষক সভাৰ প্ৰতিনিধিত্বত বিদ্ৰোহী কৃষকসকলে নাছিকৰ পৰা মুম্বাইৰ দিশে ৰাওনা হৈছিল৷ হাতত ৰঙা পতাকা লৈ অল ইণ্ডিয়া কৃষক সভাৰ লগতে বিভিন্ন সংগঠনে এই দীৰ্ঘলীয়া পদযাত্ৰাত অংশ লৈছে৷
কৃষকৰ লগতে মজদুৰ আৰু আদিবাসীলোকেও এই আন্দোলনত চামিল হোৱা দেখা গৈছে৷ সোমবাৰে বিধানসভা ভৱনৰ সমুখত ৩৪,০০০ কোটি টকাৰ কৃষকৰ ঋণমাফি, উৎপাদিত সামগ্ৰীৰ উচিত বজাৰ আৰু মূল্য, বন অধিকাৰ আইনৰ লগতে স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ন আদি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে বুলি আয়োজনবৰ্গই সংবাদমাধ্যমক অৱগত কৰিছে।