১৯৬০ চনৰ জুলাইত গুৱাটেমালাৰ এখন মানসিক চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত ২২৫ জন লোক নিহত হৈছিল৷ এই ঘটনাটো হাস্পতালৰ সংঘটিত অগ্নিকাণ্ডৰ ভিতৰত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ হিচাপে বিবেচিত হৈছে৷
ভাৰতত হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডসমূহ হ’ল---
১) কলকাতা এ এম আৰ আই হাস্পতাল অগ্নিকাণ্ডঃ
কলকাতাৰ এ এম আৰ আইৰ হাস্পতালত ২০১১ চনত সংঘটিত অগ্নিকাণ্ডত ৯০ জন লোক নিহত হোৱাৰ উপৰিও সহস্ৰাধিক লোক আহত হৈছিল৷ হাস্পতালখনৰ বেছমেন্টত অগ্নিৰ সূত্ৰপাত হৈ হাস্পতালখন ছানি ধৰিছিল৷
২) ভুবনেশ্বৰৰ এছ ইউ এম হাস্পতালৰ অগ্নিকাণ্ডঃ
২০১৬ চনত ১৭ অক্টোবৰত সংঘটিত এই অগ্নিকাণ্ডত ২৭ জন লোকে মৃ্ত্যুক সাৱটি ল’বলগীয়া হোৱাৰ উপৰিও সহস্ৰাধিক লোক আহত হৈছিল৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে সংঘটিত এই অগ্নিকাণ্ড আই চি ইউৰ নিচেই কাষৰপৰা সূত্ৰপাত হৈছিল৷
৩) এৰৱাণ্ডি গাঁৱৰ মানসিক চিকিৎসালয়ৰ অগ্নিকাণ্ডঃ
২০০১ চনৰ ৬ আগষ্ট তামিলনাডুৰ এৰৱাণ্ডি গাঁৱত থকা মইতিন বাদুছা মানসিক গৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল৷ এই ঘটনাত ২৮ জন মানসিক ৰোগীয়ে কৰুণভাৱে মৃ্ত্যুক সাৱটি লয়৷ অভিযোগ উঠিছিল যে মানসিক ৰোগীসকলক বিছনা আৰু গছত বান্ধি থোৱাৰ বাবে অগ্নিকাণ্ডৰ সময়ত তেওঁলোকে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিছিল৷
৪) মুম্বাই ই এছ আই চি হাস্পতালৰ অগ্নিকাণ্ডঃ
২০১৮ চনৰ ১৭ ডিচেম্বৰ, অৰ্থাৎ কালি সংঘটিত এই অগ্নিকাণ্ডত ৮ জন লোক নিহত হোৱাৰ লগতে ১৪৫ জনতকৈও অধিক লোক আহত হয়৷
৫) মুৰ্চিদাবাদ হাস্পতালৰ অগ্নিকাণ্ডঃ
২০১৬ চনৰ আগষ্টত পশ্চিম বংগৰ মুৰ্চিদাবাদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত অগ্নিকাণ্ডত তিনিজন লোক নিহত হৈছিল৷ শিশুকে ধৰি ৫০ জনতকৈও অধিক লোক এই ঘটনাত আহত হৈছিল৷
৬) বোকাৰো হাস্পতাল অগ্নিকাণ্ডঃ
২০১২ চনৰ ঝাৰখণ্ডৰ কে এন মেমৰিয়াল হাস্পতালৰ আই চি ইউত সংঘটিত অগ্নিকাণ্ডত তিনিজন লোক নিহত হৈছিল৷