গুৱাহাটীঃ ২০১৪ চনৰ ‘শান্তিৰ নোবেল বঁটা’ বিজয়ী মালালা ইউছুফজাই ৬বছৰৰ পিছত পুনৰ উপস্থিত হ’ল পাকিস্তানত৷ ২০১২ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ পাকিস্তান এৰি ইংলেণ্ডত আছিল মালালা৷ 

মালালা ইউচুফজাই ২০১২ চনত মাত্ৰ ১৪ বছৰ বয়সতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল নিজৰ উদাৰবাদী প্ৰয়াসৰ বাবে৷ পাকিস্তানত ধৰ্মীয় মৌলবাদৰ অত্যাচাৰ আৰু সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজেৰে অহা বিৰল প্ৰতিভাৰ অধিকাৰী মালালাই সন্ত্ৰাসাবাদী অাক্ৰমণত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ 

উল্লেখ্য যে, শিশু অধিকাৰৰ বাবে কাম কৰি অহা মালালাই ১৩ বছৰ বয়সতে তাহৰিক-এ-তালিবানৰ শাসনৰ অত্যাচাৰৰ বিষয়ে ‘গুল মাকাই’ ছদ্ম নামত ‘বিবিচি’ত লিখি পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰান্তৰ স্বাতৰ জিলাৰ লোকৰ মাজত নায়িকা হৈ পৰিছিল৷ 

পাকিস্তানৰ সংবাদমাধ্যমে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে পুৱা মালালাই পাকিস্তানৰ বেনজিৰ ভুট্টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হয়৷  বিমানবন্দত উপস্থিত হোৱাৰ পিছতে কটকটীয়া নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে মালালাক এখন হোটেললৈ লৈ যায়৷ মালালাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মালালাৰ ভ্ৰমণসূচী গোপনে ৰখা হৈছে বুলি জানিব পৰা গৈছে৷