ডিজিটেল ডেস্কঃ ভাৰতত মহাসাগৰৰ বুকুত হাজাৰৰো অধিক দ্বীপপুঞ্জৰে গঠিত ৰাষ্ট্ৰ মালদ্বীপত বৰ্তমান ৰাজনৈতিক বাতাবৰণ অশান্ত হৈ পৰিছে। জৰুৰীকালীন অৱস্থা চলি থকা দ্বীপপুঞ্জৰে গঠিত দেশখনত ভাৰতৰ হস্তক্ষেপ বিচাৰি প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে কৰা এক মন্তব্যক দায়িত্বজ্ঞানহীন বুলি সমালোচনা কৰিছে দেশখনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী মাওমুন আবুল গায়ুমে।
দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো অত্যাৱশ্যকীয় আছিল বুলি মত প্ৰকাশ কৰা মাওমুনে সংবাদপত্ৰ দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয় যে দেশখনক বিভিন্ন সমস্যাই জুমুৰি দি ধৰিছে আৰু সমস্যাসমূহ শীঘ্ৰেই সমাধান শান্তিপূৰ্ণভাৱে কৰা উচিত।