ডিজিটল ডেস্কঃ বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে হতবাক হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ বাতৰিটো পোৱাৰ লগে লগে নেডাৰলেণ্ডছলৈ যোৱাৰ পথতে ডুবাইত ইস-আস কৰি উঠে নেত্ৰীগৰাকীয়ে৷

‘যিজন মানুহক কোনেও চিনি নাপায়, নামটোকেই নাজানে, তেনে এজন লোকক প্ৰাৰ্থী হিচাপে থিয় কৰোৱাত আচৰিত লাগিছে৷ নামটো শুনি এনে লাগিছে যেন এইমাত্ৰ প্ৰাৰ্থীজন আকাশৰ পৰা সৰি পৰিছে৷’-সমৰ্থনৰ বাবে এদিন পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে ফোন কৰা বুলি সদৰী কৰি এইদৰে আশ্চৰ্য প্ৰকাশ কৰে মমতাই৷

চৰকাৰে সৰ্বসন্মত প্ৰাৰ্থী দিয়াৰ কথা কৈও কোনোধৰণৰ খবৰ নিদিয়াকৈ হঠাৎ এনেদৰে আকাশৰ পৰা সৰি পৰা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

ইফালে বিষয়টো সন্দৰ্ভত শীঘ্ৰেই বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ কংগ্ৰেছে যো-জা চলাইছে বুলিও জানিব পৰা গৈছে৷ মমতা বেনাৰ্জীৰ মুখতো সোমবাৰে ইয়াৰ উমান পোৱা গ’ল৷ ডুবাইত সাংবাদিকৰ আগত তেওঁ কয়, ‘২২ জুনত বিৰোধীৰ বৈঠক আছে৷ তাৰ পিছতে ক’ব পৰা যাব যে নিৰ্বাচন হ’ব নে নহয়৷ সকলোৱে একলগ হৈ এই বিষয়ে সিদ্ধান্ত ল’ব৷’

আনহাতে NDA-ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰামনাথ কোবিন্দ সন্দৰ্ভতো তেওঁ তীৰ্যক মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন প্ৰদানৰ বাবে সেই ব্যক্তিগৰাকীৰ বিশেষ ব্যক্তিত্ব থকা প্ৰয়োজন৷ ‘এজন লোকক সমৰ্থন দিবলৈ হ’লে তেওঁক চিনি পোৱা দৰকাৰ৷ জনা দৰকাৰ৷ হায়! হায়! বিজেপিয়ে কাক প্ৰাৰ্থী কৰিলে?’-বিজেপিৰ এই সিদ্ধান্তত চন্দ্ৰবাবু নাইডুৱেও আশ্চৰ্য প্ৰকাশ কৰি তেওঁলৈ ফোন কৰা বুলিও জানিবলৈ দিয়ে৷

‘যিগৰাকী ব্যক্তি দেশৰ কামত আহিব পাৰে তেনে লোকক এনে পদৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব লাগে৷ লালকৃষ্ণ আদৱানি আছে, সুষমা স্বৰাজ আছে৷ তেওঁলোকক প্ৰাৰ্থী কৰা হ’লে বিনা সংকোচে সমৰ্থন দিব পৰা গ’লহেতেন৷’-দেশত আৰু কোনো দলিত নেতা নাছিল বুলি প্ৰশ্ন কৰি এইদৰে কয় মমতাই৷

বিজেপিয়ে সৰ্বসন্মত সিদ্ধান্তৰ নামত আভুৱা ভাৰিছে বুলিও মমতাই অভিযোগ কৰে৷ তেওঁ কয় যে সৰ্বসন্মত সিদ্ধান্ত মানে হৈছে সকলোৰে উপস্থিতিত নাম ঠিক কৰা৷ এনেক্ষেত্ৰত এদিনো আলোচনা নোহোৱা নাম এটা ঘোষণা কৰাতো মুঠেই সমৰ্থনযোগ্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে মমতা বেনাৰ্জীয়ে এনেদৰে অসন্তুষ্টি ব্যক্ত কৰিলেও ইতিমধ্যে বিজেপিৰ সভাপতিৰ উক্ত ঘোষণাৰ প্ৰতি সহমত পোষণ কৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বিহাৰৰ ৰাজ্যপাল দলিত নেতা কোবিন্দলৈ সমৰ্থন আগবঢ়াইছে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু উত্তৰপ্ৰদেশ চৰকাৰে৷ অৱশ্যে কেৰালাই কোবিন্দৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰাৰ্থী অৱতীৰ্ণ কৰোৱাতো বিচাৰিছে বুলি জানিব পৰা গৈছে৷