ডিজিটেল ডেস্কঃ বিজেপিৰ বিলাসী প্ৰাসাদোপম কাৰ্যালয়ক লৈ চকু কপালত উঠা বিভিন্ন ৰাজনৈতিক দলে টিপ্পনি কৰি অহাৰ মাজতে পিছ পৰি ৰোৱা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ দিল্লীত বিজেপিয়ে নিৰ্মাণ কৰা মুখ্য কাৰ্যালয়টো বিজেপিৰ সভাপতি অমিত শ্বাহে বিশ্বৰ সৰ্ববৃহত্ পাৰ্টি কাৰ্যালয় বুলি কোৱা কথাষাৰক উভতি ধৰি এনেহেন বিশাল কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে ধন কৰ পৰা গোটালে বুলি মমতাই প্ৰশ্ন উত্থাপন কৰিছে। 

পশ্চিম বংগৰ বহৰামপুৰৰ এখন সভাত অংশ লৈ তৃণমূল কংগ্ৰেৰ নেত্ৰীগৰাকীয়ে দেওবাৰে দিল্লীত দীনদয়াল উপাধ্যায়ৰ নামত বিজেপিৰ নতুন কাৰ্যালয় মুকলি কৰা বিষয়টোক উভতি ধৰি কয় ‘‘এটা ৰাজনৈতিক দলক নিজৰ ভাব-ধাৰাৰ ওপৰত সদায় বিনম্ৰ হ’ব লাগে আৰু অহংকাৰী দৰে আচৰণ কৰিব নালাগে৷ বিজেপিয়ে পৃথিৱীৰ ভিতৰতে সবাটোতকৈ বৃহৎ পাৰ্টি কাৰ্যালয়ৰ উদঘাটন কৰাৰ বাবে লাজ পাব লাগে৷’’ 

এটি সংবাদ প্ৰতিষ্ঠানৰ খবৰৰ কথা উল্লেখ কৰি ক’ৰ পৰা তেওঁলোকে ইমান ধন পালে সেয়া ৰাজহুৱা কৰাৰ দাবী জনায় মমতাই৷ দেশৰ সাধাৰণ জনতাই ৰাজনৈতিক দল সমূহক কোটিটকীয়া বিলাসী কাৰ্যালয়ত বহাটো পচন্দ নকৰে৷ এইটো দেশৰ দুৰ্ভাগ্য যে ইয়াত এনেকুৱা ধৰণৰ এটা ৰাজনৈতিক দলে শাসন কৰি আছে৷ এনেদৰে কয় মমতাই। 

বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে দেওবাৰে ১.৭০ লাখ বৰ্গফুটত দিল্লীত নিৰ্মাণ কৰা বিজেপিৰ নতুন মুখ্য কাৰ্যালয় পৃথিৱীৰ অন্যান্য ৰাজনৈতিক দল সমূহৰ কাৰ্যালয়বোৰতকৈওঁ অধিক ডাঙৰ বুলি কৈছিল৷ আনহাতে মমতাই প্ৰশ্ন উত্থাপন কৰাৰ পিছতেই মমতাৰ বক্তব্যক উভতি ধৰি বিজেপিয়ে চিটফাণ্ডৰ নামত জনতাৰ ধন আত্মসাৎ কৰি পাৰ্টিৰ কাৰ্যালয় নিৰ্মাণ কৰা নাই বুলি কয়৷ 

পাৰ্টিৰ ৰাজ্য মহাসচিব সায়তন বসুই কয়, ‘আমি আমাৰ নিজস্ব ধনেৰে কাৰ্যালয় নিৰ্মাণ কৰিছো৷ আমাৰ মন্ত্ৰীসকলে চিটফণ্ডৰ নামত জনতাৰ ধন আত্মসাৎ কৰা নাই৷ পশ্চিম বংগত কিছু বছৰ আগতে চিটফণ্ড কেলেংকাৰী হৈছিল আৰু সেই কাণ্ডত তৃণমূল কংগ্ৰেছৰ কেইবাজনো নেতাৰ নাম সাঙুৰ খাই পৰিছিল৷ 

মমতা বেনাৰ্জীয়ে একেখন সভাত বিজেপিৰ সত্যতা আৰু পাৰদৰ্শিতাৰ ওপৰত প্ৰশ্ন উঠাই থাকিব বুলি কৈ বিজেপিৰ সহনশীলতাৰ আচল ৰূপ ভংগ কৰাৰ বাবে চেষ্টা কৰি থাকিব৷ পাঞ্জাৱ নেচনেল বেংকত হোৱা দেশৰ সৰ্ব বৃহৎ বেংকৰ কেলেংকাৰীৰ সৈতে চৰকাৰ জড়িত বুলি কয়৷ আপুনি আপোনাৰ কষ্টৰ ফল, জীৱনজোৰা পূঁজি বেংকত ৰখাৰ পিছত সেই ধন লৈ কোনোবাই পলাই যাব৷ আমি সকলো জানো৷ ভালকৈ চালে, আপুনি পিএনবিয়ে একমাত্ৰ নহয় আন বেংকটো দিন দুপৰতে চুৰি কৰি থকা হৈছে আৰু ডাঙৰ মুখ বোৰে সুৰক্ষা পাই আহিছে৷ মমতাই এনেদৰে বিশ্লেষণ আগবঢ়ায়।

বহু ৰাষ্ট্ৰীয় বেংকত আঁচনি ৰূপায়নৰ দায়িত্ব অধিকাৰীক নিয়ুক্তি দিয়া হৈছিল আৰু বছৰ বছৰ ধৰি বদলি কৰা হোৱা নাছিল৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাই কেলেংকাৰীৰ বিস্তৃত আৰু নিৰপেক্ষভাৱে তদন্ত হলে সকলো স্পষ্ট হৈ পৰিব বুলি কয়৷ বৃহৎ বেংক কেলেংকাৰী সন্দৰ্ভত বিমুদ্ৰাকৰণৰ পূৰ্বে কৰা ষড়যন্ত্ৰ বুলিও কয় মমতাই৷ 'সেই সময়ত কেন্দ্ৰ চৰকাৰে কি কৰি আছিল? টিভিত ভাষণ আৰু আনফালে উপদেশ দিয়াৰ বিপৰীতে তেওঁলোকে কাম কৰিব লাগিছিল৷ কোনে এই অপৰাধীসকলক সুৰক্ষা দিছে, উত্তৰ দিয়াৰ কেন্দ্ৰৰ দায়িত্ব আৰু তেওঁলোকে উত্তৰ দিব লাগে’- এইদৰে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে মমতাই৷