ডিজিটেল ডেস্কঃ বিজেপিৰ বিলাসী প্ৰাসাদোপম কাৰ্যালয়ক লৈ চকু কপালত উঠা বিভিন্ন ৰাজনৈতিক দলে টিপ্পনি কৰি অহাৰ মাজতে পিছ পৰি ৰোৱা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ দিল্লীত বিজেপিয়ে নিৰ্মাণ কৰা মুখ্য কাৰ্যালয়টো বিজেপিৰ সভাপতি অমিত শ্বাহে বিশ্বৰ সৰ্ববৃহত্ পাৰ্টি কাৰ্যালয় বুলি কোৱা কথাষাৰক উভতি ধৰি এনেহেন বিশাল কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে ধন কৰ পৰা গোটালে বুলি মমতাই প্ৰশ্ন উত্থাপন কৰিছে।
পশ্চিম বংগৰ বহৰামপুৰৰ এখন সভাত অংশ লৈ তৃণমূল কংগ্ৰেৰ নেত্ৰীগৰাকীয়ে দেওবাৰে দিল্লীত দীনদয়াল উপাধ্যায়ৰ নামত বিজেপিৰ নতুন কাৰ্যালয় মুকলি কৰা বিষয়টোক উভতি ধৰি কয় ‘‘এটা ৰাজনৈতিক দলক নিজৰ ভাব-ধাৰাৰ ওপৰত সদায় বিনম্ৰ হ’ব লাগে আৰু অহংকাৰী দৰে আচৰণ কৰিব নালাগে৷ বিজেপিয়ে পৃথিৱীৰ ভিতৰতে সবাটোতকৈ বৃহৎ পাৰ্টি কাৰ্যালয়ৰ উদঘাটন কৰাৰ বাবে লাজ পাব লাগে৷’’