NewsNextOne.com@তেজপুৰঃ তেজপুৰৰ গটঙা তামুলীজানত পুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ। মাছ মাৰিবলৈ যোৱা স্থানীয় লোক এজনে পুখুৰীত মৃতদেহ প্ৰত্যক্ষ কৰাত  হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অঞ্চলটোত। লগে লগে আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে স্থানীয় ৰাইজে । জানিব পৰা মতে,মৃত ব্যক্তিজনৰ নাম ৰমণী ভূঞা।

তিনিদিন ধৰি নিখোজ হৈ থকা  ৰমণীৰ মৃতদেহ সোমবাৰে উদ্ধাৰ হয় পুখুৰীত । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে মৃতদেহটো । প্ৰাৰম্ভিক অৱস্থাত আত্মহত্যা বুলি সন্দেহ কৰিলেও আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা কাৰণ ।