ডিজিটেল ডেস্কঃ দলিত ৰাজনীতিৰ কাৰ্ড খেলি যে বিজেপিয়ে বিৰোধীক বিপাঙত পেলাব সেয়া আগতেই জানিছিল ললিত মিশ্ৰই।

জনতাৰ বাবে অচিনাকি লোকজনৰ নাই কোনো বিশেষ পৰিচয়ো। পিছে এতিয়া তেওঁ লাভ কৰিছে পৰিচিতি। কাৰণ ভাবী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ৰাইচিনা হিলছৰ দিশে যাত্ৰাৰ সঠিক পূৰ্বানুমান।

এন ডি এ মৰ্চাই কোৱিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ পূৰ্বে টুইটাৰত সচৰাচৰৰ দৰে আৰম্ভ হৈছিল ৰাজনৈতিক চৰ্চা। সেই সময়ত নানা ঋষিৰ নানা মতৰ বিপৰীতে কিন্তু দৃঢ় আছিল অজ্ঞাত টুইটাৰ উপভোক্তা ললিত।

তেওঁ কোৱিন্দকে বিজেপিয়ে বাছনি কৰিব বুলি মত ব্যক্ত কৰিছিল। নিজৰ একাউণ্টত এই ভৱিষ্যদ্বাণী কৰা ললিত এতিয়া অনলাইন বিশ্বৰ চেলিব্ৰিটী জ্যোতিষী। সকলো নেটিজেনে আদৰ কৰিছে লোকজনক।