ডিজিটেল ডেস্কঃ ইচ্ছাশক্তি থাকিলেই যে যিকোনো প্ৰতিকূলতাক জয় কৰা সম্ভৱ, সেয়া পুনৰ প্ৰমাণিত কৰিলে এজন প্ৰাপ্তবয়স্কই। এই লোকজনে জীৱনৰ মূল্যৱান ৩৬টা বসন্ত উৎসৰ্গা কৰিছে কেৱল পাহাৰ খান্দি গাঁৱলৈ পানী অনাৰ নামত। এনেদৰে তেওঁ সলনি কৰি তুলিছে গাঁৱৰ পৰিৱেশ, গাঁৱৰ অৰ্থনীতি। পাহাৰীয়া গাঁওখনত এতিয়া বছৰৰ ১২ মাহেই প্ৰবাহিত হৈ থাকে পানী।
ব্যতিক্ৰমী এই লোকজন হৈছে চীনৰ গুইঝো প্ৰদেশৰ বাসিন্দা। বয়স ৮২ বছৰ। নাম হুয়াং দফা, পেছাত খেতিয়ক। সেয়ে পানীৰ গুৰুত্ব বুজি পাইছিল যৌৱনতে। যিটো বছৰত পানীৰ অভাৱে দেখা দিছিল সেই বছৰটোতে বিকল্পৰ সন্ধান আৰম্ভ কৰে ডেকা দফাই। মনে মনে সিদ্ধান্ত লয় যে পাহাৰ কাটি হ’লেও তেওঁ গাঁৱলৈ পানী আনিহে এৰিব।