newsnextone.com | লিডুঃ পুনৰ ৰাজ্যত সংঘটিত হ’ল ধৰ্ষণ কাণ্ড৷ এই বাৰ পিতৃ-মাতৃয়ে ঘৰত অকলে এৰি থৈ যোৱা এগৰাকী অসহায় ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয় প্ৰতিবেশীৰ বিৰুদ্ধে৷ এই কাণ্ড সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত আলুবাৰীত দহ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, আলুবাৰীৰ এটি পৰিয়ালৰ মুৰব্বী পিতৃ-মাতৃয়ে নিজ ১০ বছৰীয়া কন্যাক এৰি শুকুৰবাৰে এনআৰচিৰ বংশ বৃক্ষ পৰীক্ষণৰ বাবে এনআৰচিৰ সেৱা কেন্দ্ৰলৈ যাব লগা হয়৷ পিতৃ-মাতৃয়ে সন্ধিয়া উভতি আহিম বুলি ভাবিছিল যদিও এনআৰচি সেৱা কেন্দ্ৰত কাম শেষ নোহোৱাৰ ফলত নিশা আলহীৰ ঘৰতে কটায়৷ এনআৰচি সেৱা কেন্দ্ৰলৈ যােৱাৰ সময়ত ঘৰলৈ আহিব নোৱাৰিলে কিশোৰীগৰাকীক চোৱা চিতাৰ দায়িত্ব দিয়ে প্ৰতিবেশী অজয় শৰ্মাক৷ 

পিতৃ-মাতৃয়ে নিশা ঘৰলৈ উভতি নহাত অজয়ে শৰ্মাই অসহায় কিশোৰীগৰাকীক নিশা প্ৰথমে অবৈধ কাৰ্য কৰিবলৈ জোৰ কৰে৷ তাৰ পিছতে কিশোৰীয়ে সৈমান নোহোৱাত শৰীৰৰ বলেৰে মাথো ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে৷ পুৱা পিতৃ-মাতৃ ঘৰলৈ উভতি অহাৰ পিছতে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা মাতৃক জনায়৷ মাতৃয়ে এই কথা ৰাজহুৱা কৰে ফলত অঞ্চলটোত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিবেশৰ৷

স্থানীয় ৰাইজে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোক জনক গ্ৰেপ্তাৰ কৰে। অজয় শৰ্মা এগৰাকী কাঠ মিস্ত্ৰি৷ এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে আৰক্ষী থানা চৌহদত বহু মানুহৰ সমাগম ঘটে আৰু অজয় শৰ্মাক থানাৰ পৰা উলিয়াই দিয়াৰ দাবীত ৰাইজে পৰিবেশ উত্তাল কৰে৷ মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাৰ উচিত তদন্ত আৰু দোষীক শাস্তি দিয়া হ’ব বুলি কোৱাৰ পিছতহে ৰাইজ ক্ষান্ত হয়৷