মৰিয়নীঃ এইবাৰ হাতত গদা নহয়, ধনু-কাড় লৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ওৰফে ‘ধনু’। লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰণশিঙা বজোৱা সময়তে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিবাসীৰ আগত হাতত ধনু-কাড়লৈ শত্ৰুক ৰণ হুংকাৰ দিয়া দেখিবলৈ পোৱা গ’ল।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা বিজেপিক নিৰ্বাচনত এনেদৰেই ধনু-কাড় হাতত লৈ বাধা দিব বুলি হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বুঢ়াগোঁহাই নিৰ্বাচনত জিকিব বুলি এশ শতাংশ নিশ্চিত বুলি ভাওনাস্থলীতে দাবী কৰে বিধায়ক গৰাকীয়ে।