Home ৰাজনীতিলোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও উপায়ুক্তৰ সংবাদমেল

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও উপায়ুক্তৰ সংবাদমেল

by News Desk
66 views
A+A-
Reset

মৰিগাঁওঃ অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। মৰিগাঁও জিলাৰ মৰিগাঁও, লাহৰিঘাট আৰু জাগীৰোড বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতিৰ তথ্য সদৰি কৰা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ সকলোৱে সহায় সহযোগিতা কামনা কৰে। 

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, ডাঃ তহিদুৰ ৰহমান, আবকাৰী বিষয়া মুছাৰব হুছেইনকে আদি কৰি বিষয়াসকলে অংশ গ্ৰহণ কৰা সংবাদমেলত উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে জিলাখনৰ ৮১২ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৮,৮৬,৪৭৩ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মৰিগাওঁ বিধান সভা সমষ্টিৰ জালুগুটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৩ টা আৰু জাগীৰোড বিধান সভা সমষ্টিৰ জাগীৰোড মহাবিদ্যালয়ত ৩ টা সহ মুঠ ৬ টা ভোট গ্ৰহণ কেন্দ্ৰত সকলো বিষয়া কৰ্মচাৰীক মহিলা নিয়োগ কৰা হৈছে। তদুপৰি জিলাখনৰ ৯ টা ভোট গ্ৰহণ কেন্দ্ৰত আদৰ্শ ভোট গ্ৰহন কেন্দ্ৰ হিচাপে স্থাপন কৰা হ’ব। সেই অনুসৰি নেলী চৰকাৰী এম ভি স্কুলত ৪ টা, ভূৰাগাঁও মহাবিদ্যালয়ত ৪ টা আৰু লঠাবড়ী নেহেৰু বিদ্যাপীঠত এটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0