মৰিগাঁওঃ অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। মৰিগাঁও জিলাৰ মৰিগাঁও, লাহৰিঘাট আৰু জাগীৰোড বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতিৰ তথ্য সদৰি কৰা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ সকলোৱে সহায় সহযোগিতা কামনা কৰে। 

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, ডাঃ তহিদুৰ ৰহমান, আবকাৰী বিষয়া মুছাৰব হুছেইনকে আদি কৰি বিষয়াসকলে অংশ গ্ৰহণ কৰা সংবাদমেলত উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে জিলাখনৰ ৮১২ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৮,৮৬,৪৭৩ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মৰিগাওঁ বিধান সভা সমষ্টিৰ জালুগুটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৩ টা আৰু জাগীৰোড বিধান সভা সমষ্টিৰ জাগীৰোড মহাবিদ্যালয়ত ৩ টা সহ মুঠ ৬ টা ভোট গ্ৰহণ কেন্দ্ৰত সকলো বিষয়া কৰ্মচাৰীক মহিলা নিয়োগ কৰা হৈছে। তদুপৰি জিলাখনৰ ৯ টা ভোট গ্ৰহণ কেন্দ্ৰত আদৰ্শ ভোট গ্ৰহন কেন্দ্ৰ হিচাপে স্থাপন কৰা হ’ব। সেই অনুসৰি নেলী চৰকাৰী এম ভি স্কুলত ৪ টা, ভূৰাগাঁও মহাবিদ্যালয়ত ৪ টা আৰু লঠাবড়ী নেহেৰু বিদ্যাপীঠত এটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। 

এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত আদৰণি জনোৱা দল, চিকিৎসা কৰ্মীৰ দল, ভোটাৰৰ বহা সুবিধা, বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে হুইল চেয়াৰকে ধৰি যাৱতীয় সুবিধা প্ৰদান কৰা হ’ব। ইফালে সকলো ভোট গ্ৰহন কেন্দ্ৰতে বিজুলী ব্যৱস্থা কৰা হৈছে যদিও যিসকল ভোট গ্ৰহন কেন্দ্ৰত বিজুলী যোগানৰ ব্যৱস্থা নাই তাত চৰ্জ লাইটৰ ব্যৱস্থা কৰা হ’ব। আনহাতে, বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে জিলাখনৰ কেইবাটাও ভোটকেন্দ্ৰত মুঠ ২৫ খন হুইল চেয়াৰ ব্যৱস্থা কৰা হৈছে। 

মৰিগাঁও মহাবিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা তিনি পৰ্যবেক্ষক ডাঃ ৰবি কুমাৰ মুৰপুৰ, বি মালাৰেড্ডী আৰু আনন্দৰ কুমাৰে সকলো তদাৰক কৰি আছে। ইফালে, ফ্লায়িং স্কোৱাড গোটে জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ ৫,৫৬,১৯৫ টকা জব্দ কৰি মৰিগাঁও কোষাগাৰত জমা দিছে। 

আবকাৰী বিভাগেও নিৰ্বাচনৰ দিন ঘোষণা হোৱা পিছৰে পৰা জিলাখনৰ বিভিন্ন স্থানৰপৰা ৬৩০ লিটাৰ চুলাই মদৰ লগতে ১৮৬ লিটাৰ বিলাতী সুৰা নষ্ট কৰিছে। আৰক্ষী বিভাগেও ১২,৩৩৯ লিটাৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ১১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মৰিগাঁও জিলাৰ ১৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় জিলা খনৰ ৯৫ টা ভোট গ্ৰহন কেন্দ্ৰক জটিল ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। 

সুস্থ নিৰ্বাচন পৰিচালনা কৰিবলৈ কেন্দ্রীয় নিৰাপত্তাৰক্ষীৰ ১০ কোম্পানীৰ প্ৰেৰণ কৰিব। অনুজ্ঞা পত্ৰ থকা ৮৮৩ টা মাৰানাষ্টৰ ভিতৰত ৮৮০ টা ইতিমধ্যে জমা কৰা হৈছে। বেংকৰ নিৰাপত্তা বাবে ৩ টা মাৰানাষ্টৰ বেংকৰ নিৰাপত্তাৰক্ষীৰ ওচৰত আছে। ইতিমধ্যে মায়ং থানাৰ এলেকাৰপৰা ৩ টা অনুজ্ঞা পত্ৰহীন মাৰানাষ্ট জব্দ কৰি ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে।