ডিজিটেল ডেস্কঃ পুৰুষ হৈছে বাঘৰ জাত। এই প্ৰবাদ নিশ্চয় কৰবাত নহয় কৰবাত শুনিছে। পুৰুষসকল প্ৰকৃততে বাঘৰ জাত হয় নে নহয় সেই বিতৰ্কলৈ নগৈ আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছে এনে এজন লোকৰ সৈতে, যাৰ সাহসৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰি।

যি সময়ত এটি মাত্ৰ সন্তানক ডাঙৰ-দীঘল কৰাৰ চিন্তা পিতৃ-মাতৃৰ নিশা নিশা টোপনি নাইকিয়া হয়, সেই সময়তে বেলো মাছাবা নামৰ লোকজনে জন্ম দিছে ২০৩টাকৈ সন্তানৰ।

শুনিবলৈ আচৰিত লাগিলেও এয়াই বাস্তৱ। ৯৩ বছৰৰ বেলো মাছাবা বাবা মাছাবা নামেৰে বেছ জনপ্ৰিয়। এতিয়ালৈ তেওঁ বিয়া কৰাইছে ১৩০ গৰাকী মহিলাক। প্ৰতিগৰাকী স্ত্ৰী আৰু ২০৩টা সন্তানৰ সৈতে একেখন ঘৰতে বাস কৰে বাবা মাছাবাই।

উল্লেখ্য যে, নাইজেৰিয়াৰ এইগৰাকী মৌলবী সম্পূৰ্ণৰূপে বহু বিবাহ প্ৰথাৰ সমৰ্থক। বহুগামী মৌলবীগৰাকীয়ে একান্তভাৱে বিশ্বাস কৰে যে, আল্লাহে তেওঁক এক বিশেষ শক্তি প্ৰদান কৰিছে।

আল্লাহে প্ৰদান কৰা বিশেষ শক্তিৰ বাবেই ১৩০ গৰাকী পত্নী আৰু ২০৩ টাকৈ সন্তানৰ দায়িত্ব ল’বলৈ সমৰ্থ হৈছে বুলি দাবী কৰিছে বাবা মাছাবাই।

দিন দিয়েক পূৰ্বে বাবা মাছাবাৰ বিয়োগ ঘটে। মৃত্যুৰ সময়তো তেওঁৰ ৭ গৰাকীকৈ পত্নী অন্তঃসত্বা আছিল বুলি জানিব পৰা গৈছে। আনহাতে একেবাৰে কনিষ্ঠ সন্তানটিৰ বয়স হৈছে প্ৰায় এবছৰ।

'আল্লাহৰ পৰা মই শক্তি লাভ কৰিছো। সেয়ে শতাধিক পত্নীক মই সন্তুষ্ট কৰি ৰাখিব পাৰিছো।’- কেই বছৰমান পূৰ্বে এখন আন্তৰ্জাতিক সংবাদপত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে কৈছিল মাছাবাই।

নাইজেৰিয়াৰ বিডা নামৰ চহৰখনত ৮৯ টা কোঠালিৰ এটা বিশেষ ঘৰত বাস কৰা মাছাবা এবাৰ জেললৈকো যাবলগীয়া হৈছিল। বহুগামী স্বভাৱৰ বাবে জেলৰ ভাত খাবলগীয়া হৈছিল পুত্ৰ-বোৱাৰী, জী-জোৱাই, নাতি-পৰিনাতি, ভাই-ভনী, ভাগিন-ভতিজাসহ ৫ সহস্ৰাধিক নিকট আত্মীয়ৰ গৰাকী আখ্যা পোৱা বাবা মাছাবাই।

দেশখনৰ ইছলামিক শাসকে ৪গৰাকী পত্নীক ৰাখি বাকীসকলক তালাক দিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অমান্য কৰাত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। অৱশ্যে বিচাৰত তেওঁৰেই জয় হয়।

শুনানিৰ সময়ত আটাইকেইগৰাকী পত্নীয়ে নিজ ইচ্ছা মতে তেওঁক স্বামী বৰণ কৰা বুলি আদালতত মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত বিচাৰকে জেইলৰ পৰা বাবা মাছাবাক মুকলি কৰি দিবলৈ বাধ্য হৈ পৰে।

জেইলৰ পৰা মুকলি হৈয়েই তেওঁ সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যই সকলোকে বেছ আমোদ দিয়ে। 'মোৰ কিবা এটা গুণ আছে বাবেই তেওঁলোকে মোক স্বামী হিচাপে বৰণ কৰিছে। মই কাকো জোৰ-জবৰদস্তি কৰা নাই।’-মাছাবাৰ মন্তব্য।

'এগৰাকী এগৰাকীকৈ প্ৰতিগৰাকীকে মই সকলো দিশৰ পৰা সন্তুষ্ট কৰি ৰাখো। সেয়ে সকলোৱে মোৰ লগত আছে। সন্তুষ্ট কৰি ৰাখিব নোৱাৰিলে কেতিয়াবাই মোক এৰি গ’লহেতেন।’- মাছাবাৰ সেই মুহূৰ্তৰ ভাষ্য।

এতিয়া সেই বিশেষ ঘৰখনত মাছাবা নাই যদিও নিতৌ পুৱা-গধূলি প্ৰতিগৰাকী উত্তৰাধিকাৰীয়ে তেওঁক স্মৰণ কৰে। মাছাবাৰ মৃত্যুৰ পিছত বৰ অকলশৰীয়া অনুভৱ কৰিছে বুলিও জানিবলৈ দিছে কেবাগৰাকী পত্নী-পুত্ৰই।

#At the last count, Baba Masaba had 130 surviving wives and 203 children. The youngest of the children is about one year old while 7 of the wives are pregnant. Source: vanguardngr.com