লাহোৰঃ বীভৎস গণহত্যাৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ এটি দৰগাহত৷ দৰগাহটোৰ চোৱা-চিতাৰ দায়িত্বত থকা এজন লোকে অতি কমেও ২০ জন লোকক ঘপিয়াই হত্যা কৰে৷ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ সাৰগোধা অঞ্চলৰ এই দৰগাহটোৰ উক্ত চকীদাৰজন মানসিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে৷ অৱশ্যে কি কাৰণত হঠাৎ চকীদাৰজনে ইমানসংখ্যাক লোকৰ ওপৰত এনেদৰে আক্ৰমণ সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

উক্ত ঘটনাত নিহত ২০ জনৰ ৬ জনকে একেটা পৰিয়ালৰে বুলি চিনাক্ত কৰা হৈছে৷ নিহতসকলৰ মাজত ৩ গৰাকী মহিলাও আছে৷ শনিবাৰে মাজনিশা লাহোৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে আৰক্ষী সূত্ৰই৷ 

জানিব পৰা মতে দৰগাহটোৰ চকীদাৰ আব্দুল ৱাহিদে তালৈ অহা লোকসকলক প্ৰথমে নিচাযুক্ত দ্ৰব্য খাবলৈ দি আটাইৰে কাপোৰ টানি-আজুৰি খুলি নাঙঠ কৰি লয়৷ তাৰ পিছতে ধাৰাল অস্ত্ৰৰে সকলোকে ঘপিয়াবলৈ আৰম্ভ কৰে৷ লগতে লাঠিৰেও প্ৰহাৰ কৰে৷ সেই সময়ত ঘাতক ৱাহিদক ইউছুফ নামৰ লোক এজনেও সহায় কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীসকলে জনাইছে৷ ঘটনা সন্দৰ্ভত ৱাহিদ আৰু ইউছুফ দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 

এই গণহত্যাৰ কাৰণ বৰ্তমানলৈকে স্পষ্ট নহ’লেও প্ৰতিবেশীসকলে জনাইছে যে ৱাহিদে বিগত কিছুদিন ধৰি ধৰ্মীয় সভালৈ সঘনে আহ-যাহ কৰিছিল৷ তেতিয়াৰে পৰা কথা-বতৰা আৰু আচৰণ আচৰিত ধৰণে সলনি হৈছিল বুলিও জানিবলৈ দিছে প্ৰতিবেশীসকলে৷

ঘটনাটোত দুগৰাকী মহিলাসহ আৰু তিনিজন গুৰুতৰভাৱে আহত হোৱাৰো বাতৰি পোৱা গৈছে৷ আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ ইফালে দৰগাহটোৰ সমীপৱৰ্তী অঞ্চলটো ঘেৰি ৰাখি প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷