newsnextone.com| ডিফুঃ এছিয়াত সোণ বুটলি ভাৰত তথা অসমৰ নয়ণৰ মণি হৈ পৰা অসম জীয়ৰী হিমা দাসৰ পিছতে সদ্য অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমচৰ পৰা সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি অনা অসম তথা কাৰবি আংলঙৰ সোণপৰী পখিলা ইংতিপীৰ লগতে ব্ৰঞ্জৰ পদক বিজয়ী আন চাৰিগৰাকী খেলুৱৈকো আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠিনিক ভাৱে ডিফুৰ জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়৷ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পেছিফিক মাষ্টাৰ্ছ গেমচ্ ৰ সভাপতি, কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰবি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙ, আৰু কাৰবি পৰিষদৰ অধ্যক্ষ লংকি তিমুঙ, সাংসদ বিৰেণচিং ইংতি, কেইবাগৰাকী ইএম, এমএচি, পৰিষদৰ প্ৰধান সচিব, আৰু সচিব৷ 

মূখ্য অতিথি ভাষণত তুলিৰাম ৰংহাঙে কয় যে, ক্ৰীড়াৰ বাবে বৰ্তমান পৰিষদৰ বাজেট ৪ কোটি যদিও ২০১৮-১৯ বিত্তীয় বৰ্ষত ক্ৰীড়াপ্ৰেমী সকলক উৎসাহ যোগোৱাৰ বাবে ইয়াক আৰু ১ কোটি টকালৈ বৃদ্ধি কৰা হ'ব৷ সোণপৰী পখিলা ইংতিপীয়ে এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়াই কাৰবি পাহাৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে জিলাখনৰ ওৱেষ্ট ফৰেষ্ট ৰেঞ্জাৰ বিভাগত কৰি থকা ফৰেষ্ট গাৰ্ডৰ চাকৰিৰ পৰা বন বিষয়ালৈ পদোন্নতি দিয়াৰ লগতে ব্ৰঞ্জৰ পদক বিজয়ী জিলাখনৰ আন এগৰাকী খেলুৱৈ ৰাজেন ৰংপিকো কাৰবি স্বায়ত্ত পৰিষদৰ অধীনস্থ যিকোনো বিভাগত নিযুক্তি প্ৰদান কৰা হব বুলি ঘোষণা কৰে৷ 

আনহাতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে আজিৰ অনুষ্ঠানত পখিলা ইংতিপীক ৫ লাখ, জেনচিং ৰংহাঙ, ৰাজেন ৰংপি,চিকাৰী ইংহি আৰু ড: বৰচিং ৰংপিলৈ ২ লাখকৈ আৰু প্ৰতিযোগীতাত জিলা খনৰ পৰা ভাগ লোৱা অইন প্ৰতিদ্বন্দ্বী সকললৈ ১ লাখকৈ টকাৰ চেক প্ৰদান কৰে৷ উল্লেখযোগ্য যে মালেছিয়াত অনুষ্ঠিত প্ৰথম মাষ্টাৰ্ছ গেমছত ভাৰত তথা অসমৰ হৈ অংশ গ্ৰহণ কৰা পখিলা ইংতিপীয়ে সোণ আৰু ব্ৰঞ্জ, চিকাৰী ইংহি ব্ৰঞ্জ, ৰাজেন ৰংপি ব্ৰঞ্জ, জেনচিং ৰংহাঙ ৰূপ আৰু ড: বৰচিং ৰংপিয়ে ৰূপৰ পদক পাই জিলাখনলৈ ঐতিহাসিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ 

আনহাতে সাংবাদিকৰ আগত আজি এছিয়া  পেছিফিক মাষ্টাৰ্ছ গেমছত স্বৰ্ণজয়ী পখিলা ইংতিপীয়ে কয়যে, কাৰবি পৰিষদ আৰু কাৰবি আংলংবাসী ৰাইজৰ তেওলৈ থকা অফুৰন্ত মৰম আৰু চেনেহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু তেওৰ পচন্দৰ খোজকঢ়াৰ প্ৰতিযোগিতাত অধিক মনোনিবেশ কৰাৰ লগতে সমাগত জাপানত অনুষ্ঠিত হব লগীয়া বিশ্ব মাষ্টাৰ্ছ গেমছত অংশ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিছে ৷