56
ডিজিটেল ডেক্সঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত বহুজন সমাজ পাৰ্টি (বি এছ পি)ৰ প্ৰাৰ্থীজনক ক্ৰছ ভোটিঙৰ জড়িয়তে বিজেপিয়ে পৰাজিত কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মায়াৱতীয়ে৷
নিৰ্বাচনটোত বিজেপিয়ে প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ আৰু চৰকাৰী সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ নেত্ৰীগৰাকীৰ৷ দলৰ এই পৰাজয়ে বি এছ পি আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰতাত কোনো প্ৰভাৱ নেপেলায় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷