ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ ভূমিকা সদায় বিশেষ৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোক সভাৰ সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰে আহিছে দিল্লীত চৰকাৰ কোনে গঠন কৰিব৷ ৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰে৷ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি উত্তৰ প্ৰদেশৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল৷
শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ বিজেপিৰ দখলত আছে৷ কেন্দ্ৰৰ শাসনতো আছে বিজেপি৷ কিন্তু উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰিয়েই ৰাজনীতি কৰি অহা বিএছপি আৰু এছপি দুয়োটা দলেই বৰ্তমান শাসনত নাই৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত বিজেপি আৰু তথা মোডীৰ হাৱাই তচনচ কৰি পেলোৱা এছপি আৰু বিএছপি দলে দুয়োটা দলে লগলাগি বিজেপিক শাসনৰ পৰা ওফৰাবৰ বাবে চেষ্টা কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷