newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত চলি থকা ধৰ্ণা ৰাজনীতিৰ তালিকাত এইবাৰ আৰু এটা নাম সংযোগ হোৱাৰ সম্ভাৱনা আছে৷ দিল্লীৰ তিনিগৰাকী মেয়ৰে বৃহস্পতিবাৰে কয় যে দিল্লীৰ আম আদমী পাৰ্টিয়ে যদি দিল্লীৰ তিনিওখন নগৰৰ ধন আবন্টন নকৰে তেন্তে তেওঁলোকে মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ কাৰ্যায়সত ধৰ্ণা প্ৰদৰ্শণ কৰিব৷
উত্তৰ দিল্লীৰ মেয়ৰ আদেশ গুপ্তা, দক্ষিণ দিল্লীৰ মেয়ৰ নৰেন্দ্ৰ চাওলা আৰু পূৱ দিল্লীৰ মেয়ৰ বিপিন বিহাৰীয়ে অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ মন্ত্ৰীসভাই বিগত ৫ দিন ধৰি ৰাজ ভৱনত ধৰ্ণা প্ৰদৰ্শন কৰি থকাৰ মাজতে চিভিক চেন্টাৰত এখন যুগ্ম সংবাদমেল আয়োজন কৰে৷