newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কাৰ্বি আংলঙৰ ডকমকা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে অসমত সংগঠন বিস্তাৰৰ লক্ষ্যৰে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহে বিহাৰৰ শাসকীয় দল তথা বিজেপিৰ সহযোগী জেডিইউৰ ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মাই৷ বৃহস্পতিবাৰে দুপৰীয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা নেতাগৰাকীৰ একাংশ লোকে আদৰি আনে গুৱাহাটী মহানগৰীৰ আৱৰ্ত ভৱনলৈ৷
গুৱাহাটী মহানগৰীৰ আৱৰ্ত ভৱনত প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত সঞ্জয় বাৰ্মাই অসম প্ৰদেশ সমিতি গঠনৰ কথা ঘোষণা কৰে৷ ইতিমধ্যে ৰাজ্যিক জেডিইউৰ সভাপতি হিচাপে টনবিৰ হকক নিয়োগ কৰা বুলি জানিবলৈ দিয়ে বাৰ্মাই৷ প্ৰথমবাৰৰ বাবে জনতা দল ইউনাটেডৰ সমিতি গঠন কৰিবলৈ আহি ৰাইজৰ সঁহাৰি লাভ কৰা বুলি কয়৷ দলটোৰ মূল লক্ষ্য ২০১৯ৰ লোকসভা নিৰ্বাচন বুলি কয়। আৰএছএছৰ-বিজেপিৰ চৰকাৰৰ জাতিধ্বংসী কাৰ্যকলাপ আৰু সংবিধান উলংঘন কৰি দি অহা মন্তব্যৰ ওপৰত চোকা দৃষ্টি ৰখা বুলিও কয় ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মাই।