শ্বিলংঃ চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱাৰে পৰা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে। নিৰ্বাচন আয়োগৰ মতে, ১ বজালৈকে ২৭.৭৫ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান লেহেমিয়া হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে পুৱা ৭ বজাৰ পৰা মেঘালয়ত ভোটদান অনুষ্ঠিত হৈছে৷

৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যত ভোটদান ৪ বজালৈ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে জনোৱা মতে, অৰ্ধসামৰিক বাহিনীৰ কোম্পেনী মোতায়ান কৰা হৈছে শান্তিপূৰ্ণ ভোটদানৰ বাবে। অতি স্পৰ্শকাতৰ স্পৰ্শকাতৰ আৰু নৰ্মেল ঘোষণা কৰি প্ৰতিটো ভোট কেন্দ্ৰত অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী নিয়োগ কৰা হৈছে।