শ্বিলংঃ মেঘালয়ত কেন্দ্ৰ অনুযায়ী ভোটদানৰ সময় বৃদ্ধি কৰা হ’ব। পুৱাই বিভিন্ন ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যাৰ ফলত ভোটদানৰ হাৰ নিচেই কম হৈছে। ৰাজ্য খনৰ ভোটকেন্দ্ৰ সমূহত এতিয়াও লাইনত বহু লোক থিয় হৈ থাকিব লগা হৈছে।
নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক আৰ খৰ্গেকাৰে কয়, ইভিএম বিসংগতি সন্দৰ্ভত তথ্য গোতাই থকা হৈছে। কেন্দ্ৰ অনুযায়ী ভোটদানৰ সময় বৃদ্ধি কৰা হ’ব। চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱাৰে পৰা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে।