শ্বিলংঃ মেঘালয়ত কেন্দ্ৰ অনুযায়ী ভোটদানৰ সময় বৃদ্ধি কৰা হ’ব। পুৱাই বিভিন্ন ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যাৰ ফলত ভোটদানৰ হাৰ নিচেই কম হৈছে। ৰাজ্য খনৰ ভোটকেন্দ্ৰ সমূহত এতিয়াও লাইনত বহু লোক থিয় হৈ থাকিব লগা হৈছে।

নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক আৰ খৰ্গেকাৰে কয়, ইভিএম বিসংগতি সন্দৰ্ভত তথ্য গোতাই থকা হৈছে। কেন্দ্ৰ অনুযায়ী ভোটদানৰ সময় বৃদ্ধি কৰা হ’ব।  চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱাৰে পৰা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে।

নিৰ্বাচন আয়োগৰ মতে, ১ বজালৈকে ২৭.৭৫ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। আনহাতে, নাগালেণ্ডত ৫৬ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান লেহেমিয়া হোৱা বুলি জানিব পৰা গৈছে।

মঙলবাৰে পুৱা ৭ বজাৰ পৰা মেঘালয়ত ভোটদান অনুষ্ঠিত হৈছে৷ ৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যত ভোটদান ৪ বজালৈ অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে জনোৱা মতে, অৰ্ধসামৰিক বাহিনীৰ কোম্পেনী মোতায়ান কৰা হৈছে শান্তিপূৰ্ণ ভোটদানৰ বাবে। অতি স্পৰ্শকাতৰ স্পৰ্শকাতৰ আৰু নৰ্মেল ঘোষণা কৰি প্ৰতিটো ভোট কেন্দ্ৰত অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী নিয়োগ কৰা হৈছে।